ব্ৰহ্মপুত্ৰ ভলীবল লিগ প্ৰতিযোগিতাত প্ৰথম স্থান পোৱা জামুগুৰিহাটৰ ভলীবল দল আৰু শ্ৰেষ্ঠ খেলুৱৈক উষ্ম আদৰণী

0 278

দুলিয়াজানত অনুষ্ঠিত হোৱা অসম ভিত্তিত ব্ৰহ্মপুত্ৰ ভলীবল প্ৰতিযোগিতাত ৰাজ্য খনৰ ভিতৰতে প্ৰথম স্থান লাভ কৰা জামুগুৰিহাটত হাটিঙা ভলীবল দলৰ লগতে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা ৰিয়ান বৰা গৃহ ভূমি আহি পোৱাৰ লগে লগেই ঢোল তালৰ ধ্বনিৰে এক উৎসৱমূখৰ পৰিৱেশ সৃষ্টি হয় । বিভিন্ন দল-সংগঠনৰ উপৰিও নদুৱাৰ মণ্ডল ভাৰতীয় জনতা পাৰ্টিৰ লগতে পূৱ মুঢ়াদল গাওঁ পঞ্চায়তে উষ্ম সম্বৰ্ধনা জনায় ।হাটিঙা হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ন সভাত নদুৱাৰ মণ্ডলৰ উপ সভাপতি প্ৰদীপ হাজৰিকা, সাধাৰণ সম্পাদক কিশোৰ থাপা, পঞ্চায়তৰ সভানেত্ৰী মেঘালী কলিতা, যুৱমৰ্চা নদুৱাৰৰ উপ সভাপতি ৰূপম শইকীয়া, সমাজ কৰ্মী মৃদুল নাথ, অনিল শইকীয়া আৰু পুলিন যম উপস্থিত থাকে । ৰিয়ান বৰাৰ লগতে ভলীবলৰ দলটোৰ দীৰ্ঘায়ু কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰে ।

 

Leave A Reply

Your email address will not be published.