ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ ৭৫ বছৰীয়া বর্ষপূৰ্তি উপলক্ষে “আজাদী কী অমৃত মহোৎসৱ”ৰ সৈতে সংগতি ৰাখি সমগ্ৰ দেশতে আয়োজন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস । ইয়াৰে সমান্তৰালকৈ আজি গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো উদযাপন কৰা হয় আন্তৰাষ্ট্ৰীয় যোগ দিৱস । আজি পুৱা বৰঝাৰ বিমানবন্দৰৰ বিশাল পাৰ্কিং স্থানত বৰঝাৰ বিমানবন্দৰৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থকা কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ যুটীয়া উদ্যোগত আয়োজন কৰা আন্তৰাষ্ট্ৰীয় যোগ দিৱসত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ জোৱান তথা বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষৰ বিষয়া-কর্মচাৰী সকলে অংশগ্ৰহণ কৰে । প্ৰায় দুই শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত যোগাসনৰ জৰিয়তে অংশগ্ৰহণকাৰী সকলে শাৰীৰিক আৰু মানসিক উৎকর্ষ সাধনৰ উদ্দেশ্যে বিভিন্ন যোগ আৰু প্রানায়াম প্ৰদৰ্শন কৰে । যোগাসন আৰু প্রানায়ামত বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানবন্দৰ বিষয়া উৎপল বৰুৱাৰ লগতে কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কামাণ্ডেন্ট লালমোহন ঠাকুৰেও ভাগ লয় । তদুপৰি যোগাসনত অংশ লোৱা লোক সকলৰ মানসিক প্ৰশান্তিৰ লগতে এগৰাকী সুস্থ শৰীৰৰ গৰাকী হোৱাৰ লক্ষ্যৰে বিশ্ব প্ৰসিদ্ধ, প্ৰজাপিতা ব্ৰহ্মকুমাৰী ইশ্বৰীয় বিশ্ববিদ্যালয়ৰ ন্যাসৰক্ষী বি কে ৰাকেশে আধ্যাত্মিক জীৱন দৰ্শন সন্দৰ্ভত এক মননশীল বক্তব্য প্ৰদানৰ লগতে সকলোকে ধ্যান কৰোৱাই আৰু বি কে নন্দিতাই সহযোগ কৰে। তাৰোপৰি বিমানকোঠ কতৃপক্ষৰ ফালৰ পৰা কাঁহিকুচি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰীৰ মাজতো যোগাসন অনুষ্ঠিত কৰা হয়। তাৰোপৰি বিমানকোঠ কতৃপক্ষই যাত্ৰীসকল মাজত যোসাসনৰ সজাগতা বৃদ্ধিৰ বাবে বিমানকোঠৰ আগমন কক্ষৰ বাহিৰত এখন মুকলি যোগাসন মঞ্চৰ আয়োজন কৰে। য’ত যোসাসন প্ৰশিক্ষকৰ দ্বাৰা যোগ প্ৰদৰ্শন আৰু জ্ঞানৰ বিনিময় কৰা হয়। প্ৰায়সংখ্যক যাত্ৰীয়ে এই মঞ্চত যোগদান কৰে। প্ৰস্থান কক্ষৰ ভিতৰতো দুগৰাকী যোসাসন প্ৰশিক্ষকৰ দ্বাৰা যাত্ৰীসকলক যোগাসন শিকোৱা হয়।
Trending
- কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাত নতুনকৈ গঠন হ’ল জিলা পথ সুৰক্ষা সমিতি
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ১৯৯৪ বর্ষৰ মিলন সমাৰোহ
- Webinar on Feminist Srimanta Sankaradeva
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ গোটৰ বান সাহাৰ্য বিতৰণ
- ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত
- কালিকান্ত নিউজ এজেঞ্চিৰ ইলা শৰ্মা গোস্বামী সোঁৱৰণী বঁটা ঘোষণা -ৰামপুৰৰ খনীন্দ্ৰ মজুমদাৰলৈ ২০২২ বৰ্ষৰ শ্ৰেষ্ঠ বাতৰি কাকত পঢ়ুৱৈ বঁটা
- অসম সাহিত্য সভাৰ ‘গান কবিতা বৰষুণ’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
- মিৰ্জাত বিশ্ব ক্ৰীড়া সাংবাদিকতা দিৱস উদযাপন
- ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ দুজন শিক্ষকৰ বিদায় সভা সম্পন্ন
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত অভিলেখ সংখ্যক ৬৮কোটিৰো অধিক কৰ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে