বৰঝাৰ বিমান বন্দৰত পৰিবহন বিভাগৰ কামৰ বুজ ল’লে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে

0 228

দেশৰ আন আন মহানগৰী সমূহৰ দৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰতো ২৫মে’ৰ পৰা ঘৰুৱা যাত্ৰীবাহী বিমানৰ আৰম্ভ হৈছে। আনহাতে ক’ভিড১৯ৰ সংক্ৰমণ ৰোধৰ বাবে আই চি এম আৰ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিয়া বিশেষ নিৰ্দেশনাৰ আধাৰত বিমানেৰে অহা যাত্ৰী সকলক স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অসম ৰাজ্যিক পৰিৱহণ নিগমৰ বাছেৰে নিবলৈ কোৱা হৈছে।
 
 
 
সম্প্ৰতি নিগমে মহানগৰীত ৯খনকে ধৰি সৰ্বমুঠ ৩৬খন বাছেৰে বিমান বন্দৰত সেৱা আগবঢ়াই আহিছে। আনকি বিমান যাত্ৰীৰ আগমনৰ দিশটো তদাৰক কৰিবলৈ পৰিবহণ নিগম আৰু পৰিবহণ বিভাগৰ দুটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে।বৃহস্পতিবাৰে আবেলি বিমান বন্দৰত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলো কামৰ বুজ লয়।
 
 
মন্ত্ৰী গৰাকীৰ সৈতে পৰিৱহণ বিভাগৰ আয়ুক্ত সচিব ড° কে কে দ্বিবেদী, পৰিৱহণ আয়ুক্ত আদিল খান, উপ পৰিৱহণ আয়ুক্ত সত্যজিৎ তেৰাং জিলা পৰিৱহণৰ বিষয়াদ্বয় ক্ৰমে গৌতম দাস আৰু বাপন কলিতা, অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে অধীক্ষক বিবেক পাচোৱান উপস্থিত থাকে।
 
পুৱাৰে পৰা ৰাতিলৈকে কৰ্মব্যস্ত হৈ থকা বিষয়া কৰ্মচাৰী সকলক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী গৰাকীয়ে। লগতে উপস্থিত থকা সকলো বিষয়া কৰ্মচাৰীৰ সৈতে মন্ত্ৰী গৰাকীয়ে মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.