বৰ্হিৰাজ্যত ঘণ্টা হিচাপত কাম কৰাতকৈ নিজৰ মাটিতে খেতি কৰক

1 321

লকডাউনৰ বাবে সমগ্ৰ বিশ্বৰে অৰ্থনীতি নিম্নগামী হৈ পৰিছে। যাৰ ফলস্বৰূপে বহু লোকক কৰ্মৰ পৰা অব্যাহতি দিয়া পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও বহু উদ্যোগ বন্ধ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিতত বহিঃৰাজ্যত কৰ্মৰত শ্ৰমিক সকল অসমলৈ ঢাপলি মেলিছে।
 
 
লকডাউনৰ সময়তো পাচলি ব্যৱসায়ৰ জৰিয়তে যথেষ্ট অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰ ভূৰবন্ধাৰ এজন যুৱকে। ৰাজুমণি ভূঞা নামৰ যুৱকজনে সম্প্ৰতি ২৭বিঘা মাটিত পাচলিৰ খেতি কৰি বিক্ৰী কৰে। মাত্ৰ ২০০টকা মূলধনেৰে ব্যৱসায় আৰম্ভ কৰা ৰাজু ভূঞাই সম্প্ৰতি পাঁচজন শ্ৰমিকেৰে পাচলিৰ ব্যৱসায় কৰে।
 
ৰঙালাউ, আলু, জিকা, বাঙী, তিঁয়হ, দাং বডি, কোমোৰা, পটল, আপেল বগৰীৰো খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হৈছে। উল্লেখযোগ্য যে নিজা মাটিৰ অবিহনে ৰাজুমণি ভূঞাই আজি ১২বছৰে খেতি কৰি আহিছে।
 
এন ই ফ’কাচ ডট কমৰ সৈতে ৰাজু মণি ভূঞাই এনেদৰে কয়- এসময়ত বৰ্হিৰাজ্যলৈ ময়ো গৈছিলো। তাত ঘণ্টা হিচাপত পইচা দিছিল। যদি ৮ঘণ্টা ডিউটী কৰো ৮ঘণ্টাৰ পইচা দিছিল আৰু যদি ১৬ঘণ্টা ডিউটী কৰো ১৬ঘণ্টাৰ পইচা দিছিল। প্ৰতিঘণ্টাত ২০টকাকৈ দিছিল। তেতিয়া মই উপলব্ধি কৰিছিলো সেই ৮ঘণ্টা যদি মই নিজৰ ঘৰৰ খেতিতেই পাচলিৰ খেতি কৰো। তাতকৈ অধিক পইছা পাব পাৰিম। সেয়েহে মই প্ৰথমে নিজে আৰম্ভ কৰিছিলো আৰু পৰৱৰ্তী পৰ্যায়ত বজাৰলৈ গৈ বিক্ৰী  কৰিছিলো। আৰু অৱশেষত বজাৰ দখল কৰাৰ সুবিধা লাভ কৰিছিলো।
 
স্মতৰ্ব্য যে ৰাজুমণি ভূঞাই মাহেকত ১৫ হাজাৰো অধিক টকা উপাৰ্জন কৰে।ভূঞাই আমাক জনোৱা মতে ঘৰত নিমখ ,চাবোনৰ বাহিৰে একো কিনিব লগা নহয়।
 
যি সময়ত নিবুনৱা সমস্যা ভয়ানক সমস্যা হিচাপে গঢ লৈ উঠিছে,সেই সময়ত ৰাজুমণি ভূঞাৰ এই কৰ্ম   নিশ্চয়কে আদৰ্শ হৈ পৰিছে।

1 Comment
  1. Ratul Mani Deka says

    Pl , encourage our youth generation try to found such as unemployed who earn money and maintain his family, provide govt scheme if you can do. They, very good news.

Leave A Reply

Your email address will not be published.