ভাল চেফ হৈ অসমৰ মান ৰাখিলে হৰপলে

0 276

অসমীয়া খাদ্য সম্ভাৰৰ আছে এক সুকীয়া ঐতিহ্য।এই অসমীয়া খাদ্য সম্ভাৰক বহি: বিশ্ব লগত পৰিচয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই আনিছে সোণাৰিৰ এজন যুৱকে।
যুৱকজন সোণাৰি নগৰৰ তিনি নং ৱাৰ্ডৰ বাসিন্দা হৰপল সিঙ।উল্লেখযোগ্য যে হৰপল সিঙে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা “চেফ ভাৰছেচ ফ্ৰিজ” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত জয়ী হৈ অসমৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ।এই প্ৰতিযোগিতা জী–ফাইভ(ZEE5) চেনেলৰ জৰিয়তে সম্প্ৰচাৰ হৈছিল।
আচলতে ৰন্ধন কলা এতিয়া মহিলা ক্ষেত্ৰতে আবদ্ধ হৈ থকা নাই । মহিলা সমানে পুৰুষেও ৰন্ধা-বঢ়া কৰা পৰিলক্ষিত হৈছে। ইয়াৰ উপৰিও ৰন্ধন কলাত নকৈ বহুতো পুৰুষ চেফৰ সংযোজন হৈছে।
সোণাৰিত জন্মগ্ৰহণ কৰা হৰপাল সিঙে অতি কম বয়সৰ পৰাই ৰেচিপি প্ৰস্তুত কৰি ভাল পাইছিল। হৰপলৰ মতে এজন ভাল চেফ হ`ব পাৰিলে চাকৰিৰ অভাৱ নাই ৷ এই পেছাত জড়িত এজন চেফে অতি কমেও মাহেকত দুই তিনি লাখ টকা উপাৰ্জন কৰিব পাৰে ।স্মৰ্তব্য যে সৰুতে নিজ আইতাকৰ পৰা ৰন্ধন কলাৰ জ্ঞান লোৱা হৰপল এতিয়া সমগ্ৰ ভাৰততে জনপ্ৰিয় এগৰাকী চেফ ৷

Leave A Reply

Your email address will not be published.