পুনৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ বিধায়ক সৰ্বানন্দ সোনোৱাল

0 204

ভাৰতৰ ৰাজনৈতিক ইতিহাসত নজিৰ সৃষ্টি কৰি সতীৰ্থ মন্ত্ৰীক স্ব-ইচ্ছাই মুখ্যমন্ত্ৰী আসন আগবঢ়াই দি ত্যাগৰ ৰাজনীতিৰ সূচনা কৰিছিল সোনোৱালে।ৰাজনীতিত ত্যাগৰ মূল্য নাই যদিও ৰাষ্ট্ৰীয় নেতৃত্বৰ বিশেষ অনুগত সোনোৱালে কৰা এই ত্যাগে তেওঁৰ ভাৱ মুৰ্তি বৃদ্ধি কৰাৰ লগতে ৰাষ্ট্ৰীয় নেতৃত্বৰ ওচৰত নিজকে অন্য ৰূপত প্ৰতিষ্ঠা কৰিলে। দ্বিতীয় বাৰৰ বাবে ৪৩ হাজাৰ ভোটৰ বৃহৎ ব্যৱধানত মাজুলীৰ পৰা নিৰ্বাচিত হৈছিল সোনোৱাল।
মুখ্যমন্ত্ৰী হেৰুওৱা মাজুলীৰ ৰাইজে পুনৰ সৰ্বানন্দ সোনোৱালক বিধায়ক হিচাপে হেৰুৱাবলৈ নিবিচাৰে যদিও জানিব পৰা মতে কেন্দ্ৰীয় নেতৃত্বৰ হেচাত এইবাৰ দিল্লীলৈ যাবলৈ সাজু হৈছে সোনোৱাল। যোৱা ২৬ মে’ত তিনি দিনীয়া ভ্ৰমণ সূচী লৈ নিজ সমষ্টি মাজুলীলৈ আহি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নিষ্ঠাবান দলীয় কাৰ্য্যকৰ্তা হিচাপে দলীয় সিদ্ধান্ত মানি চলিম বুলি কৌশলগত উত্তৰ দিছিল সোনোৱালে। অহা জুলাই মাহত হ’বলগীয়া মোদী কেবিনেটৰ ৰদবদল আৰু সম্প্ৰসাৰণত মোদীৰ গুড বুকত নাম থকা সোনোৱালে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শপত লোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিল।সৰ্বানন্দ সোনোৱালক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় অথবা ক্ৰীডা আৰু যুৱ কল্যাণ অথবা তীখা মন্ত্ৰীৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।
ইয়াৰ পূৰ্বেও ২০১৪ চনত মোদী কেবিনেটৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীত্বৰ দায়িত্বত আছিল সোনোৱাল।অহা জুলাই মাহত মোদী কেবিনেটত স্থান পোৱাৰ দিশে গৈ থকা সোনোৱালক বিশ্বজিৎ দৈমাৰীয়ে পদত্যাগ কৰাৰ ফলত খালী হোৱা ৰাজ্য সভাৰ আসনেৰে ৰাজ্য সভালৈ নিয়াৰ বাবে ইতিমধ্যে ৰাষ্ট্ৰীয় নেতৃত্বই ইংগিত প্ৰদান কৰিছে। ভৱামতেই সকলোবোৰ হৈ উঠিলে গহীন গম্ভীৰ হৰ্ষবদন নেতা গৰাকীক ৰাজ্য ৰাজনীতিত আৰু কেতিয়াও দেখা নাযাব।

Leave A Reply

Your email address will not be published.