ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতাত সমুজ্জ্বল গোবিন্দপূৰ এম ভি স্কুল

0 440

এগৰাকী প্ৰচাৰ বিমুখ ভাস্কৰ্য শিল্পী । নাম দেৱকৃষ্ণ বৰুৱা। যাৰ সুকোমল হাতৰ স্পৰ্শত প্ৰাণ পাই উঠে বজ্ৰ কঠিন নিষ্প্ৰাণ পদাৰ্থই। যি নিজস্ব কৰ্ম সাধনা ,সৃষ্টিশীলতা আৰু প্ৰজ্ঞাৰ বুকুচাত উঠি  সফলতা আৰু প্ৰশংসাৰ মেটমৰা সম্ভাৰ আৰ্জিবলৈ ইতিমধ্যে সক্ষম হৈছে।  জন্ম সূত্ৰে ঢকুৱাখনা মহকুমাৰ মদাৰগুৰি গাঁওৰ বাসিন্দা আৰু সম্প্ৰতি ডিব্ৰুগড় জিলাৰ কুমাৰণিচিগাৰ চেতিয়া চুকৰ স্থায়ী বাসিন্দা এইগৰাকী  ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাৰ মহানুভৱতা আৰু বদান্যতাৰ বাবে বৃহস্পতি বাৰে নব ৰূপত উজ্বলি উঠিল  ঢকুৱাখনা মহকুমাৰ  ঢকুৱাখনা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ১৯৫০ চনতে স্থাপিত গোবিন্দপূৰ মজলীয়া বিদ্যালয়। বিদ্যালয়খনৰ একালৰ প্ৰাক্তন ছাত্ৰ হিচাবে পঢ়াশালীখনৰ প্ৰতি মন মগজুত সাঁচি ৰখা বিশেষ কৃতজ্ঞতাবোধৰ প্ৰতিভূ স্বৰূপে আজি ভাস্কৰ্য শিল্পী বৰুৱাই বিদ্যালয়খনলৈ দানসূত্ৰে আগবঢ়াই নিজৰ সুনিপুন হাতেৰে নিৰ্মিত পণ্ডিত প্ৰবৰ ডঃ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ এটি নিখুঁত আবক্ষ মূৰ্তি।  বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ গৰাকীৰ এনে  মহানুভৱতাৰ  প্ৰতি কৃতজ্ঞতা জনাই বৃহস্পতি বাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এক অনুষ্টুপিয়া  উন্মোচনী সভা।  পশ্চিম মাছখোৱা অঞ্চলৰ প্ৰবীণ শিক্ষাব্ৰতী  ব্যক্তি , জ্যেষ্ঠ নাগৰিক টংক ৰাজখোৱাৰ সভাপতিত্বত অনুষ্ঠিত উন্মোচনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয় প্ৰধান  ভোগেশ্বৰী গগৈয়ে । বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী , অভিভাৱক আৰু শিক্ষানুৰাগী ৰাইজ উপস্থিত থকা সভাত আবক্ষ মূৰ্তিৰ দাতা , প্ৰখ্যাত ভাস্কৰ্য শিল্পী দেৱকৃষ্ণ বৰুৱাক পাটৰ চেলেং চাদৰ ,গামোচা, প্ৰশস্তি পত্ৰ আদিৰে উষ্ণ আদৰণি জনাই  বিদ্যালয় পৰিয়ালে।  ইয়াৰ পাছতেই বিদ্যালয় চৌহদত স্থাপন কৰা পণ্ডিত প্ৰবৰ গৰাকীৰ আবক্ষ মূৰ্তিৰ নিৰাভৰণ কৰি শুভ উন্মোচন কৰে ঢকুৱাখনা শিক্ষা খণ্ডৰ খণ্ড প্রাথমিক শিক্ষা বিষয়া  গুনীন দত্তই । সভাত অবসৰী শিক্ষক  পৃথু বৰা ,লাবন্য শইকীয়া ,  শিল্পী মনোজ গগৈ , মৃগনাভ গগৈ,শিক্ষক থানেশ্বৰ বৰা , সাংস্কৃতিক কৰ্মী গৌৰৱ বৰুৱা আদিয়ে চমু বক্তব্য আগবঢ়াই প্ৰাক্তন ছাত্র বৰুৱাৰ এনে  প্ৰশংসনীয় পদক্ষেপৰ ভূয়সী শলাগ লয়। ভাস্কৰ্য শিল্পী গৰাকীয়ে জীৱনৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ আদিপাঠ গ্ৰহণ কৰা এই প্ৰাথমিক বিদ্যালয়খনৰ উপৰিও হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰা হাৰ্হি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদটো শীঘ্ৰে পণ্ডিত প্ৰবৰ গৰাকীৰ অন্য এটা আবক্ষ মূৰ্তি  দানসূত্ৰে স্থাপন কৰিব বুলি জানিবলৈ দিয়ে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.