ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা-গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক দুদিনীয়া কৰ্মশালাৰ সামৰণি
গুৱাহাটী বিশ্ববিদ্যালয়ত ১০ আৰু ১১ মাৰ্চত কৃত্রিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক এখন দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখন তথ্য প্ৰযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ISHAAN Machine Translation Project-ৰ উদ্যোগত আয়োজন কৰা হৈছিল । ইশান মেশিন অনুবাদ প্ৰকল্প ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনত এটা প্ৰকল্প। কৰ্মশালাখনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ভাষাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰযুক্তিসমূহ সন্দৰ্ভত বিস্তৃত আলোচনাৰ লগতে ভাৰত চৰকাৰৰ দৃষ্টিভংগীৰে ভাৰতীয় ভাষাসমূহক ডিজিটেল বিশ্বত উন্নীত আৰু সবলীকৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ আলোচনা হয়। বিশেষভাৱে অসমীয়া, বড়ো, মণিপুৰী, নেপালী আৰু ইংৰাজী ভাষাৰ মাজত নিউৰেল মেচিন অনুবাদ (Neural Machine Translation) আৰু ভাৰতীয় ভাষাৰ কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত আগতীয়াকৈ কাম কৰাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়।
কৰ্মশালাখনৰ সময়ছোৱাত এই ভাষাসমূহৰ গণনাগত ভাষাবিজ্ঞান (Computational Linguistics) বিষয়বস্তু, যেনে Named Entities আৰু বহুশব্দৰ অভিব্যক্তি (Multi Word Expressions) আদি সন্দৰ্ভত গভীৰ বিশ্লেষণ আৰু আলোচনা অনুষ্ঠিত হয়। কৰ্মশালাৰ আয়োজন সমিতিৰ অধ্যক্ষ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰযুক্তি অনুষদৰ ডীন অধ্যাপক শিখৰ কুমাৰ শৰ্মাই ব্যক্ত কৰে – “এই কৰ্মশালাই উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় গৱেষকসকলক কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰেক্ষাপটত স্থানীয় ভাষাসমূহত প্ৰত্যক্ষ অনুশীলনৰ সুযোগ প্ৰদান কৰাৰ লগতে, অসমীয়া, বড়ো, মণিপুৰী, নেপালী ভাষাসমূহক আধুনিক প্ৰযুক্তি তথা কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত উন্নীত কৰাৰ বাবে উল্লেখনীয় অৱদান আগবঢ়াইছে।” কৰ্মশালাখনত আইআইটি বম্বে, আই আই আই টি হায়দৰাবাদ, আই আ ই আই টি মণিপুৰ, উত্তৰ বংগ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম দক্ষতা বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকসকল উপস্থিত থাকে। আধুনিক সময়ত তথ্য প্ৰযুক্তি আৰু ভাষাবিজ্ঞানৰ ওপৰত বহুমুখীয়া গৱেষণা এক অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ উঠিছে কাৰণ কৃত্ৰিম বুদ্ধিমত্তা জনসাধাৰণৰ বাবে শক্তিশালী সঁজুলি হিচাপে উদ্ভাৱন হৈছে আৰু ইয়াৰ বাবে ভাৰতীয় ভাষাসমূহত প্ৰযুক্তি আৰু এপ্লিকেচনৰ বিকাশৰ প্ৰয়োজন হৈছে।তথ্য প্ৰযুক্তি বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয় ভাৰতীয় ভাষাসমূহৰ উন্নয়ন আৰু অগ্ৰগতিৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় উদ্যোগৰ অংশ হৈ আহিছে আৰু অসমীয়া আৰু বড়ো ভাষাৰ বিভিন্ন দিশত কাম কৰি আছে। কৰ্মশালাখনৰ সমন্বয়কৰ দ্বায়িত্বত আছিল তথ্য প্ৰযুক্তি বিভাগৰ ড° কিশোৰ কাশ্যপ আৰু ড° কুৱলী তালুকদাৰ। কৰ্মশালাখনত ৫০ জনতকৈ অধিক গৱেষকে অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শসমূহ উত্তৰ-পূৰ্বাঞ্চলৰ স্থানীয় ভাষাসমূহৰ বাবে দ্বিভাষিক (Bilingual) আৰু বহুভাষিক (Multilingual) মেচিন অনুবাদ তথা বিভিন্ন ভাষাভিত্তিক প্ৰযুক্তি বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।