গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদত থকা উত্তৰ পূব মণ্ডল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত ৫ এপ্ৰিলত প্ৰাধিকৰণৰ উপ মহাপ্ৰবন্ধক আৰু সাংস্কৃতিক কর্মী জগদীশ বৈশ্যই শেহতীয়াকৈ ৰচনা কৰিছে “মোৰ প্ৰাণৰ বিহুৱান” শীৰ্ষক এটি গীত।চাৰে চাৰি মিনিট দৈৰ্ঘ্যৰ গীতটো তেওঁৰ ইউ টিউব চেনেল ” জগদীশ বি মিউজিক ” ত উপলব্ধ হ`ব । গীতটোৰ মাজেৰে তেওঁ মূলত অসমীয়া জাতিৰ গৌৰৱৰ প্ৰতীক স্বৰূপ বিহুৱানখনিক সুন্দৰকৈ উপস্থাপন কৰি জাতীয় চেতনা জগাই তুলিবলৈ এক বাস্তৱমুখী আৰু ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা বুলি সদৰি কৰিছে । আনহাতে ৫ এপ্ৰিলৰ বিয়লি কাৰ্যালয়ৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গীতটো উন্মোচন কৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক এম সুৰেশে।এই উপলক্ষে এয়াৰপৰ্ট অথৰিটী এম্পলয়িজ ইউনিয়নৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাসে আঁত ধৰা চমু অনুষ্ঠানত এম সুৰেশে ভাষণত উচ্চ আৰু দায়িত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিও জগদীশ বৈশ্যই সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে নীৰৱে কাম কৰি অহা বিষয়টোৰ শলাগ লয় আৰু গীতটোক সকলোৱে আদৰি ল`ব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত জগদীশ বৈশ্যই গীতটো সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে । প্ৰাধিকৰণৰ মহা প্ৰবন্ধক ৰবি কান্তকে ধৰি কেবাজনো বিষয়া উপস্থিত থাকে । উল্লেখযোগ্য যে জগদীশ বৈশ্যৰ কণ্ঠ , সুৰ আৰু কথাৰে ৰচিত গীতটোৰ সংগীত পল্লব দাসৰ। তেনেদৰে শব্দ সংমিশ্ৰণত সহযোগ কৰিছে সংগীত পৰিচালক ইবছন লাল বৰুৱাই ।
Trending
- ভূই ৰোৱা উৎসৱ পালন
- প্ৰতিবছৰে বানপানীয়ে কিয় জোকাৰি যায় অসমক, ইয়াৰ স্থায়ী সমাধান আছে নে
- মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ছ’চাইটি আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি
- কৃষি বিজ্ঞান কেন্দ্র কামৰূপত নাচাৰ্ৰীৰ বৃত্তিমূলক পাঁচদিনীয়া প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা