ভাৰতৰ অৰ্থনীতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে-আই এম এফ

0 367

ক’ৰণা ভাইৰাছৰ বাবে বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভাৰতৰ অৰ্থনীতি লাহে লাহে পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে বুলি মন্তব্য আন্ত:ৰাষ্ট্ৰীয় মুদ্ৰা নিধি চমুকৈ আই এম এফৰ।ছেপ্টেম্বৰ ত্ৰিমাসিকত আশা কৰাতকৈ ভাৰতৰ অৰ্থনীতি যথেষ্ট পৰিমাণে উন্নত হৈছে।
উৎপাদন খণ্ডৰ উন্নত প্ৰদৰ্শনৰ বাবে জিডিপি হ্ৰাস হৈছে মাত্ৰ ৭.৫ শতাংশ।লগতে গ্ৰাহকৰ চাহিদাই অনাগত সময়ত এই হাৰ অধিক উন্নত কৰিব বুলি আশা কৰা হৈছে।ইয়াৰ পূৰ্বে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিক এপ্ৰিল,জুনত অৰ্থনীতি ২৩.৯ শতাংশ হ্ৰাস পাইছিল।ইয়াকে লৈ চিন্তিত হৈ পৰিছিল সাধাৰণ জনতা।
আই এম এফৰ প্ৰমুখ মুখপাত্ৰ গেৰী ৰাইজে সাংবাদিকৰ আগত কয় বাস্তৱ ক্ষেত্ৰত ভাৰতে এই মহামাৰী দ্বাৰা বেয়াকৈ প্ৰভাৱিত হৈছিল কিন্তু লাহে লাহে এই সংকটৰ পৰা সুস্থ হৈ আছে।মহামাৰী ক’ভিড-১৯ৰ সময়ত ভাৰতৰ অৰ্থনৈতিক দুৰৱস্থা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজকোষ,বিত্তীয় ক্ষেত্ৰত পদক্ষেপে কোম্পানী সমূহে,ব্যৱসায়,কৃষি,দৰিদ্ৰ ক্ষতিগ্ৰস্ত পৰিয়ালকে ধৰি অৰ্থব্যৱস্থাক প্ৰয়োজনীয় সহায় কৰিছে।

Leave A Reply

Your email address will not be published.