ভাৰত-বাংলাদেশ সম্প্ৰতি বন্ধুত্বপূৰ্ণ দেশ হিচাপে পৰিগণিত হলেও আন্তঃৰাষ্ট্রীয় সীমান্তৰ নিৰাপত্তা ব্যৱস্থাত কোনো ধৰণৰ আপোচ কৰা নাই সীমান্তৰ নিৰাপত্তাৰ দায়িত্বত থকা সীমান্ত নিৰাপত্তা বাহিনী চমুকৈ বি এছ এফে। আনকি ধুবুৰী আৰু চুবুৰীয়া পশ্চিম বংগৰ কোচবিহাৰ আৰু ফালাকটা ছেক্টৰৰ প্ৰায় ৫০০ কিলোমিটাৰ অংশৰ সুৰক্ষা আৰু পহৰাৰ দায়িত্বত থকা বি এছ এফৰ আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্রন্টিয়াৰ মুখ্য কার্যালয়ে স্থলপথৰ সমান্তৰালভাৱে জল তথা নদীপথৰ পহৰা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। ভাৰত-বাংলা সীমান্তৰ ধুবুৰী ছেক্টৰৰ অধীনৰ তুৰাস্থিত বি এছ এফৰ ৪৫ নম্বৰ বেটেলিয়ান সম্প্ৰতি নিয়োজিত হৈ আছে দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত। মেঘালয়ৰ গাতে লগা হালদিগঞ্জৰ (পিলাৰ নম্বৰ – ১০৪৮ ৰ পৰা ১০৭১ লৈ ) পৰা সদাতিয়ালৈ প্ৰায় ৩৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশখিনিত ৪.৯২ কিলোমিটাৰ অংশ আগুৰি আছে ব্ৰহ্মপুত্ৰৰ নদীপথে।বাকীখিনি আগুৰি আছে স্থল সীমান্তই ।২২ আৰু ২৩ অক্টোবৰত গুৱাহাটীৰ পৰা সীমান্ত পৰিদৰ্শন কৰিবলৈ যোৱা সাংবাদিকৰ দল এটাক তাত দায়িত্বত নিয়োজিত বিষয়া সকলে সদৰি কৰা অনুসৰি তেওঁলোকৰ ওপৰত নিয়োজিত অংশখিনি সম্পুৰ্ণ সুৰক্ষিত। সম্প্রতি স্থল সীমান্তৰ এশ শতাংশ সম্পূর্ণ ছীল কৰা হৈছে আৰু স্থলপথত কতো এতিয়া উন্মুক্ত অংশ নাই। ষ্টল সীমান্তৰ সকলো অংশতে উচ্চক্ষমতা সম্পন্ন আধা কিলোমিটাৰ দূৰলৈ পোহৰ বিয়পি যোৱা ফ্লাড লাইট পূৰ্বতে লগোৱা হৈছে । অলপ সমস্যা হৈছে নদী বা জলপথৰ সীমান্তক লৈছে। কিয়নো বাৰিষা বান, খহনীয়াৰ লগত সহাৱস্থান কৰিবলগীয়া হোৱা বাবে নদীপথৰ সীমান্তৰ সুৰক্ষা আৰু পহৰা কার্যত বি এছ এফৰ জোৱানসকলৰ বাবে সমস্যা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। অৱশ্যে সেই প্ৰত্যাহ্বানক নেওচিও পুৰুষৰ সমানে সমানে বি এছ এফৰ মহিলা জোৱান তথা বীৰংগনা সকলেও স্থল – জল উভয়তে পহৰা কাৰ্যত নিয়োজিত হৈ আছে।নদীপথত পহৰাৰ বাবে শিশুমাৰা বি অ পিৰ অধীনত অত্যাধুনিক দ্রুতবেগী নাও ব্যৱহাৰ কৰা হৈছে। স্থল সীমান্তৰ দৰে নদী সীমান্ততো ফ্লাড লাইটৰ ব্যৱস্থা কৰা হৈছে। বি এছ এফৰ বীৰাংগনাকে ধৰি আন জোৱানসকলে ২৪ ঘণ্টাই সর্বদা সষ্টম হৈ সীমান্তৰ পহৰা কাৰ্যত নিয়োজিত হৈ আছে । ইফালে বি এছ এফৰ ৪৫ বেটেলিয়ানৰ ভাৰপ্ৰাপ্ত কমাডেণ্ট এম কে টি স্মিথে জানিবলৈ দিয়া মতে বাহিনীটোৰ জনহিতকৰ কাৰ্যসূচীৰ অংশহিচাপে বিগত বিত্তীয় বৰ্ষ আৰু চলিত বিত্তীয় বৰ্ষত সীমান্তত বাস কৰা ৰাইজৰ বাবে কেবাটাও বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছিল। যত শিশু, মহিলা, বয়োজেষ্ঠ্য লোককে ধৰি প্ৰায় ১,৫০০ জনে শিবিৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ লাভ কৰিছে। তেনেদৰে ক্ৰীড়াৰ ক্ষেত্ৰখনত উৎকৰ্ষ সাধনৰ বাবে ফুটবল, ভলীবলকে ধৰি বিভিন্ন খেলা – ধুলাৰ সামগ্ৰী বিতৰণ কৰা হৈছে। আনকি বিগত সময়চোৱাত অসামৰিক লোকৰ বাবে মুঠ সাতটা কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । যত কেবা শতাধিক লোক উপকৃত হৈছে। ইয়াৰ ফলত সীমান্তবাসী ৰাইজৰ মাজত দেশমুলক ভাৱ বৃদ্ধি হোৱাৰ ফলত সীমান্তত অপৰাধমূলক কাৰ্য বহুখিনী কমি গৈছে। ৰাইজে বি এছ এফৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই আহিছে। আনকি দিনৰ ভাগত বি এছ এফৰ অনুমতি সাপেক্ষে সীমান্ত বাস কৰা ৰাইজে বি এছ এফৰ পথ ব্যৱহাৰ কৰি উপকৃত হোৱাৰ লগতে নিশাৰ ভাগত চিকিৎসাকে ধৰি তেনে ধৰণৰ জৰুৰীকালীন সেৱাৰ বাবে বি এছ এফৰ ফালৰ পৰাও সীমান্তৰ ৰাইজক সহযোগিতা কৰি অহা হৈছে। সমান্তৰালভাৱে বি এছ এফৰ বি অ পি সমূহো কম্পজিট বি অ পিলৈ উন্নীতকৰণ কৰা কাৰ্য চলি আছে।সীমান্তৰ বেৰৰ নিচেৰ ওচৰতে এটা ৯০ বছৰীয়া মছজিদ কাটাতাৰৰ বেৰৰ বাহিৰত থকা স্বত্বেও ফটোযুক্ত পৰিচয় পত্ৰৰ বিপৰীতে দিনৰ ভাগত তাত নামাজ পঢ়াৰ সুবিধা কৰি দিছে বি এছ এফে। উল্লেখ্য যে মানকাছাৰৰ সমীপৰ বাংলাদেশলৈ অহা – যোৱা কৰা সাহাপাৰাত থকা একমাত্ৰ ইণ্ট্ৰিগ্ৰেটেড চেকপোষ্ট চমুকৈ আই চি পিত নিৰাপত্তা আৰু তালাচী ব্যৱস্থাত মহিলা বীৰংগনাক নিয়োগ কৰা হৈছে।
Trending
- Minister Krishnendu Paul Chairs Review Meeting to Assess Progress of Government Schemes in Darrang
- অন্বেষ গোষ্ঠীৰ মাহিলী বৈঠক সম্পন্ন – বন্তি শইকীয়াৰ গ্ৰন্থ “কণমইনাৰ সাধু” উন্মোচন
- টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন- ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত
- 16-Day Campaign Against Gender-Based Violence Concludes with Awareness Rally in Darrang
- আহি আছে হাড় কপোৱা জাৰ, উজনি অসমৰ বেছিভাগ ঠাইতে সৰ্বনিম্ন তাপমাত্ৰা নামিল ৮ ডিগ্ৰী চেলচিয়াছলৈ – গুৱাহাটীত নামিল ১২ ডিগ্ৰী চেলচিয়াছলৈ
- এইচ ডি এফ চি বেংক গ্ৰুপৰ এইচ ডি এফ চি টেক ইনোভেটৰছ-২০২৫ৰ সফল সামৰণি
- ১০-১১ ডিচেম্বৰত গুৱাহাটীত বালিপাৰা ফাউণ্ডেচনৰ ১৩ সংখ্যক বাৰ্ষিক আন্তৰ্জাতিক অধিবেশন পূৱ হিমালয় প্ৰকৃতিবিজ্ঞান মঞ্চ
- Sberbank & NSE Launch First‑India Nifty 50 Fund, Giving Russian Retail Investors Direct Access to India’s Equity Market
- NSE Strengthens MSME Ecosystem in Jammu & Kashmir Through Strategic MoU
- এইচ ডি এফ চি বেংকে ৫ ডিচেম্বৰত ১৭ সংখ্যক বাৰ্ষিক ৰক্তদান অভিযান আয়োজন কৰিব