ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহ। মানকাচস্থিত ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাইজক কৰমৰ্দন কৰি অভিনন্দন কৰি উৎসাহিত কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।সোমবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত প্ৰদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে হেলিকপ্টাৰযোগে দিনৰ প্ৰায় ১১ বজাত মানকাচৰ আহি উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰথমে মানকাচৰস্থিত কামাখ্যা মন্দিৰত দেৱীক সেৱা জনায়।ইয়াৰ পাছতেই বিশাল কনভয়ৰে মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্প এলেকাত থকা কালো নদীৰ পাৰত থকা বিএছএফ পহৰা টাৱাৰ উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। তাত তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিএছএফৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। সীমান্ত সমস্যাক লৈ আলোচনা কৰাৰ সময়ত সীমান্তবৰ্তী এলেকাত বসবাস কৰা লোক সকলে অমিত শ্বাহক দেখি জয় শ্ৰীৰাম আৰু জিন্দাবাদ ধ্বনি দিবলৈ ধৰে।ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰীৰ সৈতে সীমান্তৰ বিএছএফ টাৱাৰৰ পৰা নামি ৰাইজৰ কাষত গৈ কৰমৰ্ধন কৰি ৰাইজক অভিনন্দন জনাই উৎসাহিত কৰে। ইয়াৰ পাছত দিনৰ ৰায় ১২.৩০ বজাত তেওঁ সীমান্তৰ পৰা মানকাচৰ বিএছএফ কেম্পত উপস্থিত হৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ লগতে আন এখন গুৰুত্বপূৰ্ণ আলোচনাত ভাগ লয়।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত
- এপেক্স বেংক ষ্টাফ এচ’চিয়েচনৰ বানে গৰকা ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ কল্যাণময়ীৰ উদ্যোগত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ
- সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু)-ৰ ১৯ সংখ্যক কাৰ্যকালৰ শপত গ্ৰহণ অনুষ্ঠান সফলতাৰে সম্পন্ন