ভিৰৰ মাজতো পালে জীৱন জীৱিকাৰ ছন্দ

0 282

ৰাজ্যৰ সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ পৰিছে।মহানগৰীৰ ৰাজপথ  জনশূন্যতাই বিৰাজ কৰিছে ।মাথো কৰ্তব্যত আছে আৰক্ষী, প্ৰশাসনৰ লোক অথবা চৰকাৰী বিষয়া।লতাশিলত অনুষ্ঠিত হোৱা প্ৰতিবাদ স্থলীত দেখা গ’ল হাজাৰ লোকৰ সমাগম।প্ৰখৰ ৰ’দকো নেওচি ওলাই আহিল বহুজন ।বহুতে ভিৰৰ মাজতে বিচাৰি পালে জীৱিকাৰ ছন্দ ।সৰু সুৰা ব্যৱসায় যেনে বাদাম, পানী, তামোল পানৰ ব্যৱসায়ী সকলৰ ব্যৱসায়ে তত্ পালে।ৰাস্তাত দেখা হ’ল কেইখনমান চৰকাৰী বাছৰ চলাচল।কোনো ভিৰ অথবা ট্ৰেফিক জাম আজি পৰিলক্ষিত নহ’ল।ইফালে গনেশগুৰিত লক্ষ্মী পূজাৰ সা-সামগ্ৰী বজাৰ বঢ়া পৰিলক্ষিত হয়।বন্ধৰ মাজতে একাংশই গতানুগতিক ভাৱে নিজ কৰ্ম সম্পাদন কৰে।

Leave A Reply

Your email address will not be published.