ভোটগণনাৰ নীতি নিয়মৰ সম্পৰ্কত কামৰূপ জিলা উপায়ুক্তই কি ক’লে

0 234

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ সম্পৰ্কত কামৰূপ মহানগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ত আজি  এখন সংবাদ মেল অনুষ্ঠিত হয়।সংবাদমেলত জিলা উপায়ুক্ত গৰাকীয়ে কয় যে যথেষ্ট কটকটীয়া নিৰাপত্তাৰ মাজত এইবাৰ ভোটগণনা প্ৰক্ৰিয়া হ’ব ।ভোটগণনাৰ সময়চোৱাত মূল কক্ষৰ ভিতৰত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ।৪টা বিধান সভাৰ সমষ্টিত ৫৬খন কাউণ্টিং টেবুল থাকিব।প্ৰত্যেক জন প্ৰাৰ্থীৰ বিপৰীতে এজন সমৰ্থক প্ৰতিনিধি হিচাপে থাকিব পাৰিব।ই ভি এমত গণনা কৰাৰ পিছতো ভি ভি পেডৰ জৰিয়তে সঠিকতা নিৰূপন কৰা যাব।সৰ্বমুঠ ২০০জন বিষয়া কৰ্মচাৰীয়ে ভোটগণনাৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব।লগতে তেখেতে কয় যে ফলাফল ঘোষণা সময় ২২ঘণ্টা পৰ্য্যন্ত হ’ব পাৰে কিয়নো বিভিন্ন প্ৰক্ৰিয়াৰ মাজেৰে ফলাফল নিৰূপন কৰা হ’ব।সুবিধা নামৰ এপৰ জৰিয়তে ফলাফলৰ সবিশেষ জানিব পাৰিব।উল্লেখযোগ্য যে অহা ২৩মে’ৰ পুৱা ৯বজাৰপৰা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত ভোটগণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব ।আজিৰ সংবাদ মেলখনত জিলা প্ৰশাসনৰ বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.