মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইয়ে কালি ৰাজ্যৰ এখন নতুন জিলা ঘোষণা কৰিছে। পৌৰাণিক যুগৰ দানৱ বংশৰ ৰজা মহিৰংগ দানৱৰ নামেৰে থকা মইৰাংগক ৰাজ্যখনৰ দ্বাদশ জিলা হিচাপে ঘোষণা কৰিছে ।জানিব পৰা মতে ১৫ আগষ্টৰ আগতে কাৰ্যকৰী কৰা হ’ব।সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, মইৰাংগ মেঘালয়ৰ নতুন জিলা হ’ব । ক’ভিড-১৯ৰ বাবে পৰিস্থিতি অলপ লেহেমীয়া হৈছে যদিও মইৰাঙৰ লোকসকলক ইয়াৰ বিষয়ে জনোৱাটো আমাৰ কৰ্তব্য। আমি স্বাধীনতা দিৱসৰ পূৰ্বে মেঘালয়ৰ এইখন জিলাক কাৰ্যকৰী কৰি তুলিম।তেওঁ লগতে কয় ভৌগোলিক মেপিং সম্পৰ্কীয় বিষয়বোৰৰ বাবে এই সন্দৰ্ভত এতিয়াও এক মতত উপনীত হোৱা নাই। এই সকলোবোৰ বিষয়ে আলোচনা কৰা হৈছে আৰু চৰকাৰে ইয়াক লৈ কেনেদৰে আগবাঢ়িব তাৰ ওপৰত পৰ্যবেক্ষণ কৰিব।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি