মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত কালি নিশা জনতা ভৱনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আৰু শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ এখন যুটীয়া বৈঠক অনুষ্ঠিত হয়। তিনিওটা বিভাগৰে শীৰ্ষ বিষয়াসকল উপস্থিত থকা এই বৈঠকত চাহ বাগিচা অঞ্চলৰ স্বাস্থ্য তথা চিকিৎসাজনিত বিষয়সমূহকলৈ বিশদভাৱে আলোচনা কৰাৰ লগতে চাহ বাগিচাৰ বাসিন্দাসকলৰ স্বাস্থ্যসেৱাৰ মান উন্নীতকৰণকলৈও পৰ্যালোচনা কৰা হয়।
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মন্ত্ৰী সিংহলে কয় যে চাহ বাগিচাৰ স্বাস্থ্যজনিত সমস্যাৰ ভিতৰত অপুষ্টি, ৰক্তহীনতা, যক্ষ্মাৰ দৰে সংক্ৰামক ৰোগ আদিয়েই প্ৰধান। সম্প্ৰতি এক নতুন ধাৰা হিচাপে চাহ বাগিচা এলেকাত উচ্চ ৰক্তচাপ, মধুমেহ আদিৰ দৰে অসংক্ৰামক ৰোগো ব্যাপক হাৰত বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে প্ৰসুতিৰ মৃত্যুৰ অনুপাত, নৱজাতকৰ মৃত্যুৰ হাৰ আদিও চাহ বাগিচা অঞ্চলত ৰাজ্যিক গড়তকৈ অধিক। স্বচ্ছতা, পৰিচ্ছন্নতা আৰু অনাময়ৰ সমস্যাৰ লগতে চাহ বাগিচা অঞ্চলৰ একাংশ লোকে অসুস্থ হলেও চিকিসালয়লৈ আহিবলৈ ইচ্ছা নকৰাটোও এটা অন্যতম সমস্যা বুলি উল্লেখ কৰি তেওঁ কয় যে এই সমগ্ৰ বিষয় সন্দৰ্ভত বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয়। চাহ বাগিচা অঞ্চলৰ এই স্বাস্থ্য সূচকসমূহ অনাগত দিনবোৰত উন্নত কৰাৰ বাবে এক পৰিকল্পনা যুগুতৰ বিষয়েও এই বৈঠকত সিদ্ধান্ত লোৱা হয়।
মন্ত্ৰী সিংহলে কয় যে অহা ৭ ফেব্ৰুৱাৰী তাৰিখে তিনিওটা বিভাগে পুনৰ এখন বৈঠকত মিলিত হ’ব আৰু কেইবাখনো চাহ বাগিচা পৰিদৰ্শন কৰি বাগিচা অঞ্চলত হাতত ল’ব লগা হস্তক্ষেপ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব। এই প্ৰক্ৰিয়াত শিক্ষা বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ আদিকো জড়িত কৰি এক আৰ্হি পৰিকল্পনা ৭ ফেব্ৰুৱাৰী তাৰিখৰ বৈঠকত প্ৰস্তুত কৰা হ’ ব বুলি তেওঁ জানিবলৈ দিয়ে।