মহামাৰী ক’ৰণা ভাইৰাছৰ আশংকাৰ মাজতে ৰাণী আৰু বৰঝাৰত ব্যতিক্ৰমী ৰূপত মানুহ বিহু উদযাপন

0 242

মহামাৰী ক’ৰণা ভাইৰাছে সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰাৰ ফলত দেশৰ লগতে ৰাজ্যত চলি থকা লকডাউনৰ পৰিপ্ৰেক্ষিতত আন আন ৰাজ্যৰ লগতে অসমতো বিভিন্ন দল সংগঠন, হৃদয়বান ব্যক্তি আৰু চৰকাৰী চাকৰিয়ালসকলেও নিজৰ সমৰ্থ অনুসৰি দুখীয়া লোকসকলক খাদ্য সামগ্ৰীৰ লগতে চেনিটাইজাৰ, মাক্স আদি বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে।
 
 
লক্ষণীয়ভাৱে এইবেলি অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি ক’ৰণা ভাইৰাছৰ বাবে উদযাপন কৰাৰ পৰা বিৰত থাকিব লগা হৈছে ৰাজ্যবাসী। ক’ৰণা ভাইৰাছৰ আতংকৰ মাজতে পশ্চিম গুৱাহাটী ৰাঙ্গাপাৰাত বিহু উপলক্ষে দেখা গ’ল এক ব্যতিক্ৰমী কাৰ্যসূচী।
 
ক’ৰণা সংক্ৰমণৰ আশংকাত চলি থকা লক ডাউন প্ৰক্ৰিয়াৰ মাজতো মানুহ বিহুৰ দিনা পুৱাই ৰাণী ৰঙ্গাপাৰা গাওঁবাসীয়ে পদূলিয়ে পদূলিয়ে গামোচাৰ পতাকা উত্তোলন কৰে। সমূহীয়াভাৱে বিহু উদযাপন কৰিব নোৱাৰিলেও নিজ ঘৰৰ পদূলিয়ে পদূলিয়ে একোখন গামোচাৰ পতাকা উত্তোলন কৰি আতংকৰ মাজতে বাপতি সাহোন বিহুটিৰ আনন্দ লাভ কৰা পৰিলক্ষিত হৈছে।
 
কামৰূপ জিলা কা বিৰোধী সংগ্ৰামী ঐক্য মঞ্চৰ উদ্যোগত উদযাপিত কৰা মানুহ বিহুৰ দিনা কা বিৰোধী মঞ্চৰ কামৰূপ জিলা সভাপতি দীনেশ দাসৰ লগতে অঞ্চলটোৰ বহু কেইজন লোকে সহযোগিতা আগবঢ়ায়। লগতে কৃষক নেতা অখিল গগৈৰো মুক্তিৰ দাবী তোলে।
 
আনহাতে উক্ত দিনাই পশ্চিম গুৱাহাটীৰ ১০০ নং বৰঝাৰ প্ৰাথমিক আৰু মইনা পাৰিজাত বিদ্যালয়ৰ শিক্ষয়িত্ৰী সবিতা মিশ্ৰই নিজা প্ৰচেষ্টাত বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত একোখনকৈ বিহুৱান আৰু গামোচাৰে প্ৰস্তুত কৰা মাক্স বিতৰণ কৰে। বিতৰণী অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য তাৰিণী কান্ত দাস, সমাজসেৱক ৰাম কুমাৰ দাস আৰু মইনা পাৰিজাত বিদ্যালয়ৰ উপ সভানেত্ৰী মীৰা ৰাণী দাসৰ লগতে অঞ্চলটোৰ বিশিষ্ট লোকসকল উপস্থিত থাকে। এনে দুৰ্দশাৰ মাজতো মানুহ বিহু উদযাপনৰ ব্যতিক্ৰমী প্ৰচেষ্টাক ৰাইজে শলাগিছে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে…

Leave A Reply

Your email address will not be published.