মহানগৰীবাসীয়ে পাচলি সুলভ মূল্যত লাভ কৰিব

1 247

মহানগৰীবাসীৰ বাবে সুখবৰ।এতিয়াৰ পৰা মহানগৰবাসীয়ে অতি কম দামত পাচলি ক্ৰয় কৰিব পাৰিব। কাৰণ পাচলি উৎপাদনেৰে শীৰ্ষ স্থান লাভ কৰা খাৰুপেটীয়া বজাৰৰ কৃষকে জালুকবাৰী ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত বজাৰ আৰম্ভ কৰিছে।মধ্যভোগীৰ দপদপনিয়ে যি সময়ত সাধাৰণ গ্ৰাহকক হাৰাশাস্তি কৰিছে, সেইসময়ত মহানগৰবাসীলৈ এনে বজাৰে আশাৰ বতৰা কঢ়িয়াই আনিছে।উল্লেখযোগ্য যে এই বজাৰখনত কৃষকে প্ৰত্যক্ষভাৱে পাচলি বিক্ৰী কৰিছে আৰু আন ঠাইৰ বজাৰৰ মূল্যতকৈ বহুগুণে কম মূল্যত পাচলি যোগান ধৰিছে।ইয়াৰ জৰিয়তে গ্ৰাহকে সতেজ পাচলি সুলভ মূল্যত লাভ কৰিব পাৰিব।

1 Comment
  1. Dipanjul kashyap says

    খাৰুপেটিয়াৰ বিষাক্ত পাচলি , কীটনাশক আৰু ৰাসায়নিক সাৰ অসমীয়া মানুহৰ কৰ্কত ৰোগৰ একমাত্ৰ কাৰণ।

Leave A Reply

Your email address will not be published.