দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত মহানগৰীৰ চছলত পূব গুৱাহাটী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত চছল ৰাজহুৱা নামঘৰৰ সভাগৃহত শতাধিক লোক সমবেত হয়। এই অনুষ্ঠানত অঞ্চল টোৰ পুৰুষ- মহিলা সকলে এক সুন্দৰ পৰিবেশত উপভোগ কৰে। অনুষ্ঠানত নামঘৰ সমিতিৰ সভাপতি ড: নৱ নাহৰডেকা, ওপৰ চছল বিহু সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবণ বুঢ়াগোহাঁই, ৰূপালী জয়ন্তী বৰ্ষ বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্য্যকৰী সভাপতি ডাঃ বুধিন শইকীয়া, সম্পাদক দ্বয় যথাক্ৰমে প্ৰশান্ত শইকীয়া আৰু নৱনীতা বৰদলৈ, সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰফুল্ল ডেকা, স্হানীয় সমাজ সংগঠক হৰেণ মান্তা, ধৰ্মেন্দ টেৰণ, বিপুল চেত্ৰী আদি ব্যক্তি সকলে অংশগ্ৰহণ কৰে। নেতিবাচক চিন্তাৰ ধামখুমীয়াত মন কি বাত অনুষ্ঠান ইতিবাচক চিন্তাৰ এক উল্লেখনীয় সমল বুলি উল্লেখ কৰি মন কী বাত অনুষ্ঠানৰ অন্তত উপস্থিত ৰাইজক উদ্দেশ্যি বক্তব্য আগবঢ়ায়। লগতে কয় যে বৰ্তমান সময়ত বাতৰি কাকত,টেলিভিছনৰ চেনেলবোৰত আৰু সামাজিক মাধ্যমত নেতিবাচক চিন্তাৰ প্ৰবলতাই সমাজ জীৱনত আৰু মানুহৰ চিন্তাধাৰাক কোন দিশত ধাৱমান কৰিছে সেয়া সহজতে অনুমেয়। ইতিবাচক সঁহাৰি আৰু চিন্তাধাৰাৰ অনুষ্ঠান মন কী বাতৰ জৰিয়তে মানুহৰ মনত ইতিবাচক চিন্তাৰ উদয় হোৱাৰ কামনা কৰে। চছল অঞ্চলৰ বহুকেইটা সামাজিক অনুষ্ঠানে বিধায়ক গৰাকীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত