মহানগৰীৰ জলাশয়সমূহৰ পুনৰুজ্জ্বীৱিতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপৰ

0 169

শীতৰ আগমনৰ লগে লগে আলহী পখীৰ কলৰৱত মুখৰিত হৈ পৰিছে গুৱাহাটী মহানগৰীও৷ চহৰখনৰ মাজমজিয়াৰ গুৰুত্বপূৰ্ণ জলাশয় শিলসাঁকো বিললৈ এইবেলি অহা জাক জাক ছাইবেৰীয়ান পখীৰ কাকলিয়ে সকলোৰে মন পুলকিত কৰি তুলিছে৷ বেদখল, অপৰিকল্পিত উন্নয়ন আৰু প্ৰদূষণৰ ফলত মৃতপ্ৰায় হৈ পৰা বিলখন পুনৰ সঞ্জীৱিত হৈ উঠিছে ৰাজ্য চৰকাৰৰ বিশেষ প্ৰচেষ্টাত শিলসাঁকো বিলকে ধৰি মহানগৰীৰ বুকুৰ তথা পাশ্বৰ্ৱৰ্তী আদ্ৰৰ্ভূমিসমূহৰ সংৰক্ষণ আৰু পুনৰুজ্জ্বীৱিতকৰণৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে গ্ৰহণ কৰা সাহসী পদক্ষেপসমূহৰ বাবে পুনৰ জলচৰ জীৱ তথা পৰিভ্ৰমী পক্ষীৰ বাবে বাসোপযোগী হৈ পৰিছে এই বিলসমূহ৷ তাৰেই ফলশ্ৰুতিত দীৰ্ঘ বিৰতিৰ মূৰত পুনৰ শীতকালীন আলহী পক্ষীৰে ভৰি পৰিছে সৌ সিদিনালৈকে মৃতপ্ৰায় ৰূপত থকা শিলসাকোঁ বিলৰ বুকু৷

উল্লেখযোগ্য যে গুৱাহাটীৰ পূব অংশৰ এক গুৰুত্বপূৰ্ণ জলাশয় শিলসাকোঁ বিলৰ পুনৰুদ্ধাৰ আৰু সংৰক্ষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষৰ জৰিয়তে ৰাজ্য চৰকাৰে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷ চৌপাশৰ জনবসতিপূৰ্ণ এলেকাৰ পৰা অহা অপৰিশোধিত বৰ্জ্য পানীৰ বাবে জলাশয়টো অতিকৈ প্ৰদূষিত হৈ পৰাৰ লগতে নগৰীয়া বেদখলৰ কবলত পৰি বিলখন যথেষ্ট সংকুচিত পৰিছিল তথা ইয়াৰ পানীৰ গুণাগুণ যথেষ্ট হ্ৰাস পাইছিল৷ এই সমস্যাৰ পৰা বিলখনক উদ্ধাৰ কৰাৰ বাবে চৰকাৰৰ তৎপৰতাত বিলৰ পূব দিশৰ অঞ্চলটোত খনন আৰম্ভ কৰা হয়৷ ৰাজহ বিভাগৰ তথ্যমতে প্ৰায় ১০০০ বিঘা ভূমি আগুৰি থকা এই জলাশয় বেদখলৰ কবলত পৰি প্ৰায় ১৫০ বিঘালৈ সংকুচিত হৈছিল৷ মন্ত্ৰী সিংহলৰ নিৰ্দেশত প্ৰশাসনে কঠোৰ পদক্ষেপেৰে বিগত সময়ছোৱাত প্ৰায় ১০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ সক্ষম হৈছে৷ আনহাতে অহা সময়ছোৱাত শিলসাকোঁ বিলৰ আন ৪০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী সিংহলে জানিবলৈ দিছে৷

নগৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰদূষিত বৰ্জ্য জলেৰে বিলৰ এটা অংশ ভৰি পৰাৰ পৰিপ্ৰেক্ষিতত এই পানী এটা পৃথক চেনেলেৰে একাষৰীয়া কৰাৰ বাবেও চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে৷ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশনা অনুসৰি এই পানী পৰিশোধনৰ পাছত ব্ৰহ্মপুত্ৰত পেলোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে চুবুৰীয়া মেঘালয়ৰ পাহাৰৰ পৰা বৈ অহা বোকা-বালিয়ে বিলৰ বুকু ভৰি পৰাৰ ফলত ইয়াৰ পানী ধৰি ৰখা ক্ষমতা হ্ৰাস পাইছে আৰু কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ ইয়াৰ উপশমৰ বাবে বিলখনৰ প্ৰায় ৩ লাখ বৰ্গমিটাৰ এলেকাত গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে খনন কাৰ্য আৰম্ভ কৰিছে৷ এই পদক্ষেপৰ সুফল বিগত বাৰিষাকালত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে৷

আনহাতে শিলসাকোঁ বিলৰ পুনৰুজ্জ্বীৱিতকৰণ, জৈৱ-সংশোধন আৰু বহনক্ষম সংৰক্ষণৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে প্ৰায় আঢ়ৈশ কোটি টকা ব্যয়সাপেক্ষ এক অভিলাষী প্ৰকল্পৰ বাবে এক বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিছে৷ বিলৰ বুকু খননৰ জৰিয়তে ইয়াৰ পানী ধৰি ৰখা ক্ষমতা কমেও ৩৫ লাখ ঘনমিটাৰলৈ বৃদ্ধি কৰা, ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ অনুসৰি ব্ৰক্ষ্মপুত্ৰলৈ মানসন্মত পানীৰ নিষ্কাশন নিশ্চিত কৰিবলৈ বৰ্জ্য পানীৰ প্ৰবাহ পৰিশোধন কৰা, খনন কৰা অঞ্চলটোত বছৰৰ সকলো সময়তে পানী থকাটো সুনিশ্চিত কৰা তথা ভূগৰ্ভলৈ পানীৰ প্ৰবাহৰ ক্ষেত্ৰত অন্যতম আধাৰ হিচাপে চিহ্নিত কৰা, বিলৰ জৈৱ বিচিত্ৰতাৰ উপাদানসমূহ ধৰি ৰখা, বিলৰ কাষৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰা আদিয়েই হ’ল এই প্ৰকল্পৰ মূল লক্ষ্য৷ এই প্ৰকল্প বাস্তৱায়িত হ’লে শিলসাকোঁ বিলে সম্পূৰ্ণৰূপে নৱজীৱন লাভ কৰাৰ লগতে ই পৰ্যটকসকলৰ বাবেও এক আকৰ্ষণস্থলী হিচাপে পৰিগণিত হ’ব বুলি আশা কৰিব পাৰি৷

Leave A Reply

Your email address will not be published.