অসমৰ অগ্ৰণী অটোম’বাইল কোম্পানী কুমাৰ ইঞ্জিনীয়াৰিঙে মহানগৰীৰ ধাৰাপুৰত ই-ৰিক্সা, পাৱাৰ টিলাৰ আৰু ৰ’টা ভেটাৰৰ এটা অত্যাধুনিক কাৰখানাটো আজি আনুষ্ঠানিকভাৱে শুভ-উদ্বোধন কৰে অসম চৰকাৰৰ আৰক্ষী বিভাগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই। উদ্বোধন কৰি মহন্তই ভাষণ প্ৰসঙ্গত “কুমাৰ ইঞ্জিনীয়াৰিং আৰু ছিষ্টাৰ কোম্পানীবোৰে আগৰে পৰাই এনেধৰণৰ বহু ভাল কাম কৰি আহিছে। অতিমাৰী ক’ৰণাৰ এই দুৰ্যোগৰ সময়তো তেখেতসকলে কোম্পানীৰ কোনো কৰ্মীকে কামৰ পৰা বিতাড়িত কৰা নাই। দৰমহাৰ ক্ষেত্ৰতো কাৰো পইচা হ্ৰাস কৰা নাই, বৰঞ্চ নতুনকৈ কৰ্মসংস্থাপন ব্যৱস্থাহে কৰিছে। প্ৰধানমন্ত্ৰীৰ ‘মেক ইন ইণ্ডিয়া’ অভিযানৰ প্ৰতি লক্ষ্য ৰাখি এই স্থানীয় কোম্পানীটোৱে ই-ৰিক্সা, পাৱাৰ টিলাৰ আদি নিৰ্মাণ কৰি নিৱনুৱা সমস্যা দুৰীকৰণত সহায়ৰ হাত আগবঢ়াইছে। এই কাৰখানাটোৰ জৰিয়তে প্ৰায় ৭৬০ গৰাকী লোকক কৰ্ম সংস্থাপন দিব পাৰিব। উত্তৰ-পূৱ ভাৰতৰ এইটোৱেই হৈছে প্ৰথম অটোম’বাইল মেনুফেকচাৰিং প্লাণ্ট যিটোৱে বিশ্বৰ আন উদ্যোগসমূহৰ সৈতে খোজত খোজ মিলাই আগুৱাই যাব পাৰিব বুলি আশা কৰা হৈছে। এই প্লাণ্টৰ কাৰ্যক্ষমতা হৈছে প্ৰতি মাহত ১২০০ ইউনিট। যি সময়ত দেশবাসীয়ে অৰ্থনৈতিক উন্নতি বা উদ্যোগীকৰণৰ কথা চিন্তা কৰি এনে দুৰ্যোগৰ সময়ত কিন্তু কুমাৰ ইঞ্জিনীয়াৰিঙৰ অধ্যক্ষ কুমাৰ গৌৰৱৰ নেতৃত্বত উদ্যোগ বিপ্লৱ চলাই আহিছে, যাৰ দ্বাৰা ধাৰাপুৰ, জালুকবাৰী, আজাৰা আদি অঞ্চলৰ নিৱনুৱা যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপনৰ দিহা কৰি বিভিন্ন ধৰণে উপকৃত হ’ব। কুমাৰ ইঞ্জিনীয়াৰিঙে অসমৰ কৃষক আৰু নিৱনুৱা যুৱক-যুৱতীসকলৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলৰ প্ৰডাক্তসমূহ উন্নীতকৰণ কৰিছে। যাতে এই সামগ্ৰীসমূহৰ পৰা উপকৃত হয় আৰু কোনোধৰণৰ জটিলতা নোহোৱাকৈ তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব পাৰে আৰু একে সময়তে তেওঁলোকৰ ৰাষ্ট্ৰৰ বিকাশৰ দিশতো নিজৰ অৰিহণা যোগাব পাৰে বুলি মহন্তই উল্লেখ কৰে। আজিৰ অনুষ্ঠানত অধ্যক্ষ কুমাৰ গৌৰৱে কয় যে, এই কাৰখানাটোৰ পৰা তেখেতসকলৰ ই-ৰিক্সা, পাৱাৰ টিলাৰ আৰু ৰ’টা ভেটৰৰ উৎপাদন কৰিব।
Trending
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ,জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি গোৱালপাৰা জিলা ভ্ৰমন কৰি কেইবাটাও কাৰ্যসূচীত অংশ গ্ৰহণ কৰে
- গুৱাহাটী মহানগৰীৰ বশিষ্ঠত নন্দ উৎসৱ উদযাপন
- MGM Healthcare Organises CME on Heart &Lung Transplant, and Mechanical Circulatory Support & ECMO
- যোৰাবাট উন্নয়ন সমিতিৰ স্বাধীনতা দিৱস উদযাপন
- পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ব্যতিক্ৰমী স্বাধীনতা দিৱস উদযাপন
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য