মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰত জল ব’ৰ্ডৰ নিৰ্মিয়মাণ জল ভাণ্ডাৰ (Reservoir) পৰিদৰ্শন কৰিলে মন্ত্ৰী অশোক সিংহলে

0 126

অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী মহানগৰীৰ সোণাইঘূলি, নৰকাসুৰ, লিচুবাগান আৰু গীতানগৰ অঞ্চলৰ পাহাৰৰ টিলাত জল ব’ৰ্ডৰ দ্বাৰা নিৰ্মিয়মাণ বৃহত্তৰ গুৱাহাটী পানী যোগান আঁচনিৰ জল ভাণ্ডাৰ (reservoir)সমূহৰ কাম-কাজ পৰিদৰ্শন কৰে আৰু কৰ্তব্যত নিয়োজিত ঠিকাদাৰ তথা বিষয়ববীয়াসকলক বিভিন্ন নিৰ্দেশনা প্ৰদান কৰে। তেওঁ নৰকাসুৰত নিৰ্মিয়মাণ বুষ্টাৰ পাম্পিং ষ্টেচনো পৰিদৰ্শন কৰাৰ লগতে মহানগৰীৰ ঘোৰামৰা অঞ্চলকে ধৰি মহানগৰীৰ বিভিন্ন স্থানত পথৰ কাষত খোৱাপানী যোগানৰ পাইপলাইন বহুওৱা কামৰ অগ্ৰগতিৰো বুজ লয়।

প্ৰকল্পস্থলীসমূহত উপস্থিত থকা সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী সিংহলে কয় যে গুৱাহাটীৰ প্ৰতিটো ঘৰতে ২৪×৭ বিশুদ্ধ খোৱাপানী যোগানৰ দিশত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে অসম চৰকাৰৰ জল ব’ৰ্ডে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে। মহানগৰীৰ বহুকেইটা পাহাৰীয়া স্থানত বৃহৎ বৃহৎ জল ভাণ্ডাৰ নিৰ্মাণৰ কাম সন্তোষজনকভাৱে আগবাঢ়িছে আৰু এই গতি অব্যাহত থাকিলে পৰ্যায়ক্ৰমে মহানগৰীৰ প্ৰতিটো অঞ্চলকে খুব সোনকালেই পানী যোগানৰ দ্বাৰা সামৰি ল’ব পৰা যাব বুলি তেওঁ আশা ব্যক্ত কৰে।

আজিৰ এই পৰিদৰ্শন কালত মন্ত্ৰী সিংহলৰ সৈতে জল ব’ৰ্ডৰ জ্যেষ্ঠ বিষয়াসকল তথা কামত নিয়োজিত ঠিকাদাৰসকলো উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.