ক’ভিড ১৯ ৰ ভয়াবহতা দিনে দিনে বৃদ্ধি পাইছে।ইয়াৰ সমান্তৰালকৈ মহানগৰীত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কালি সংবাদ মেল যোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ পৰা মহানগৰীত লকডাউনৰ ঘোষণা কৰাৰ পিছত মহানগৰীৰ ৰাজপথত অভাৱনীয়ভাৱে জন সমাগম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।কিনকিনীয়া বৰষুণৰ মাজতো সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছে।অসাধু ব্যৱসায়ীয়ে অধিক দামত বিভিন্ন পাচলি বিক্ৰী কৰা পৰিলক্ষিত হৈছে।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা চলোৱা এক সমীক্ষাত মহানগৰীৰ পাচলি বজাৰত আলু,নেমু,পটল,বিলাহী,পিয়াজ সৰ্বাধিক হাৰত বিক্ৰী হোৱাৰ কথা পোহৰলৈ আহিছে।আনহাতে নিত্য ব্যৱহাৰ্য সামগ্ৰীও গ্ৰাহকে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।ইফালে এ টি এম সমূহত লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে।
Trending
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি