সমগ্ৰ ৰাজ্যজুৰি পৰিবহণ বিভাগৰ অলক্লিয়াৰ অভিযান আৰম্ভ হোৱাৰ লগে লগে নথিপত্ৰ নৱীকৰণ আৰু বকেয়াসহ যাৱতীয় কৰ পৰিশোধ নকৰা বাহনৰ বিৰুদ্ধে বুধবাৰে মহানগৰীৰ মাছখোৱা, ভুতনাথ, ফেন্সীবজাৰ আদি অঞ্চলত ব্যাপক তালাচী অভিযানত নামে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযানকাৰী দল। এম ভি আই জয়সিং ৰংফাৰ আৰু কাণাই মহন্ত, এনফৰ্চমেন্ট পি বি লামা, মৰমী পাঠকৰ সহযোগী দলৰ নেতৃত্বত বিভাগৰ উচ্চপদস্থ বিষয়াৰ দলে বৃহৎ অঞ্চলটোত চলোৱা নিচিদ্ৰ তালাচী অভিযানত নথিপত্ৰ নৱীকৰনকে ধৰি যাৱতীয় কৰ আদায় নিদিয়াৰ ক্ষেত্ৰত ধৰা পৰে বহু বিসঙ্গতি। অভিযানৰ সময়ত এখন বিলাসী বাহনে দীৰ্ঘদিন ধৰি কোনোধৰণৰ কৰ পৰিশোধ নকৰাৰ গুৰুত্বৰ তথ্য ধৰা পৰাত বাহনখন ঠিতাতে জব্দ কৰা হয় ৷ বহু চালকৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নকৰা, বীমা নথকাৰ উপৰি প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰও নাই। নিষিদ্ধ ঘোষিত অৱস্থাতো বহু বাহনে এতিয়াও ব্যৱহাৰ কৰি আছে কলা আইনা। এই সকলো বিসঙ্গতিৰ বিৰুদ্ধে বাহনৰ মালিকলৈ ঠিতাতে ই-চালান প্ৰেৰণ কৰি জৰিমণা বিহা হয়। উল্লেখিত স্থান সমূহত তালাচী অভিযান চলোৱাৰ উপৰি মহানগৰীৰ গড়চুক, কাটাহবাৰী, গণেশপাৰা, আহোম গাওঁ, বেলতলা আদি ভিন ভিন অঞ্চলত কৰ পৰিশোধ নকৰা বাহনৰ মালিক-কতৃপক্ষৰ তথ্য হাতত লৈ ঘৰে-ঘৰে, কাৰ্যালয়ে- কাৰ্যালয়ে অভিযানকাৰী দল উপস্থিত হৈ ব্যক্তিগত বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা আৰু যান-বাহন ব্যৱহাৰকাৰী উদ্যোগ-প্ৰতিষ্ঠানক ত্ৰিশৰো অধিক ডিমাণ্ড নটিছ প্ৰেৰণ কৰি শীঘ্ৰেই কৰ পৰিশোধ কৰাৰ লগতে বাহনৰ নথিপত্ৰ নৱীকৰণৰ আহ্বান জনায়। একেসময়তে কৰ অনাদায়ী সকলক ৰাজ্যখনত এক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া সাৱধানতা সন্দৰ্ভতো অৱগত কৰে। উল্লেখ্য যে, কৰ সংগ্ৰহৰ সমান্তৰালভাৱে বিভাগৰ উদ্যোগত আজিও অব্যাহত থাকে পথ-সুৰক্ষাৰ সজাগতা অভিযান ৷
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা