মাজুলীৰ মুখা শিল্প প্ৰদৰ্শিত হ’ব অযোধ্যাত

0 383

অসম বাসীৰ বাবে সুখবৰ।অসম গৌৰৱ মাজুলীৰ মুখা শিল্প ৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰদৰ্শিত হ’ব।
 
জানিব পৰা মতে মথুৰা, অযোধ্যাত সীতাহৰণ, বালিবধ ভাওনা প্ৰদৰ্শিত হ’ব।মাজুলী চামগুৰি সত্ৰৰ প্ৰদীপ গোস্বামীৰ নেতৃত্বত যাব লগা এটা ১৪জনীয়া দলে অযোধ্যাত ভাওনা প্ৰদৰ্শিত কৰিব।
 
সংস্কাৰ ভাৰতীৰ তত্বাৱধানত এই দলটোৱে আমন্ত্ৰণ লাভ কৰিছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে ইতিপূৰ্বে এই দলটোৱে দিল্লী, উত্তৰ প্ৰদেশ আদিত মুখাশিল্পৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰিছে।ইতিমধ্যে শিল্পী দলটোৱে ৰাওনা হোৱাৰ বাবে যো জা চলাইছে।

Leave A Reply

Your email address will not be published.