মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা

0 222

মিডিয়া কোষ
নিৰ্বাচন বিভাগ, অসম প্ৰেছ বাৰ্তা-৩৫

আজি ৯৯ নং মাজুলী (অ জ) বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। মাজুলীৰ উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন কৰা ভোট গণনা কেন্দ্ৰত আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত ভোট গণনা আৰম্ভ কৰা হয়। গণনাৰ অন্তত আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰা হয়।

সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ হৈ প্ৰতিদ্বিন্দ্বতাত অৱতীৰ্ণ হৈ ভূৱন গামে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীক ৪২,১৪১ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে। বিজয়ী প্ৰাৰ্থী গামে ৬৭,২৪২ টা ভোট লাভ কৰাৰ বিপৰীতে বিজিত প্ৰাৰ্থী বসুমতাৰীয়ে ২৫,১০১ টা ভোট লাভ কৰে। ফলাফল ঘোষণা কৰাৰ পিছত বিজয়ী প্ৰাৰ্থীগৰাকীক বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়৷

এই উপ নিৰ্বাচনত সমষ্টিটোৰ ১,৩৩,২২৭ গৰাকী ভোটাৰৰ ভিতৰত ৯৬,২৫০গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল। উল্লেখযোগ্য যে এই উপ নিৰ্বাচনত ১,৬৪২ গৰাকী ভোটাৰে ন’টাত ভোট প্ৰদান কৰে।

ভোট গণনাকে ধৰি সম্পূৰ্ণ নিৰ্বাচনী প্ৰক্ৰিয়া শান্তিপূৰ্ণ আৰু স্বচ্ছতাৰে সম্পন্ন কৰাৰ বাবে অসমৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাডেয়ে সংশ্লিষ্ট সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

Leave A Reply

Your email address will not be published.