মাস্ক পিন্ধিলেহে বিমান বন্দৰৰ চৌহদত প্ৰৱেশ কৰিব পাৰিব

0 234

বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ(এএআই) উত্তৰ পূৱ মণ্ডলৰ অধীনৰ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপিনাথ বৰদলৈ বিমান বন্দৰ চৌহদত এতিয়াৰে পৰা মাস্ক পৰিধান কৰিলেহে প্ৰৱেশ কৰিব পাৰিব।
 
 
মাস্ক পৰিধান নকৰিলে বিমান বন্দৰৰ চৌহদৰ উপৰি চৌহদৰ লগতে থকা বিমান বন্দৰ আবাসীক এলেকাটো কোনো লোককে প্ৰৱেশৰ অনুমতি দিয়া নহ’ব। আজি বিয়লি বিমান বন্দৰ আবাসীক এলেকাত সংবাদিক সহ চৌহদৰ আবাসী আৰু কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলক মাস্ক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি উপস্থিত থকা সাংবাদিকৰে সৈতে হোৱা চমু বাৰ্তালাপত এই মন্তব্য আগবঢ়ায় এ এ আই উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে।
 
জিন্দালে কয় যে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিলে ক’ৰণা ভাইৰাছৰ সংক্ৰমিত হোৱাৰ পৰা বহুখিনি ৰক্ষা হ’ব পাৰিব। আনহাতে এ এ আইৰ মহিলা কল্যাণ সংস্থা কল্যাণময়ীয়ে সামাজিক দায়বদ্ধতাৰে বিনামূলীয়াকৈ বিতৰণৰ বাবে এই পৰ্যন্ত প্ৰায় পাচ হাজাৰ মাস্ক প্ৰস্তুত কৰিছে আৰু পাচ হাজাৰ মাস্ক প্ৰস্তুত কৰা কাম চলি আছে বুলি সঞ্জীৱ জিন্দালে সদৰি কৰে।
 
কাৰ্যসূচীত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰাকেশ কুমাৰ, এ এ ই ইউৰ কাৰ্যকৰ্তা পবিত্ৰ দাস, অৰ্জুন বাচফোৰকে ধৰি কেইবাগৰাকী কাৰ্যকৰ্তা, কল্যাণময়ীৰ উপসভানেত্ৰী পাৰবিন লতা, সম্পাদিকা অঞ্জনা ভৌমিক, কাৰ্যকৰী সদস্যা অনিমা সোণোৱালকে ধৰি কেইবাগৰাকী কাৰ্যকৰ্তা, পশ্চিম গুৱাহাটী সাংবাদিক সন্থাৰ সভাপতি জয়ন্ত কলিতা, কাৰ্যকৰী সভাপতি ভৱেশ কলিতা, উপ সভাপতি অমল কলিতাকে ধৰি সন্থাৰ কেইবাগৰাকী কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.