মিচিং জাতীয় সংগঠনৰ খেৰকটা আঞ্চলিক সমিতিৰ শপত গ্ৰহণ

0 233

ৰাজ্যখনৰ দ্বিতীয় বৃহৎ খিলঞ্জীয়া ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ সাব্যস্ত কৰাৰ দাবীত যুগ যুগ ধৰি অব্যাহত ৰখা স্বাধীকাৰ প্ৰাপ্তিৰ গণতান্ত্ৰিক সংগ্ৰামখন অধিক ত্বৰাণিত কৰাৰ লক্ষ্যৰে তিনি মিচিং জাতীয় সংগঠনৰ  ঢকুৱাখনা জিলা সমিতিৰ অন্তর্গত খেৰকটা আঞ্চলিকৰ তিনিখন সমিতি গঠন কৰা হয় । দেওবাৰে খেৰকটা অঞ্চলৰ লুইত পৰীয়া ৰংগমঞ্চ প্ৰাংগণত অনুষ্ঠিত এক সংগঠণনিক সভাত জাতীয় সংগঠন কেইটাৰ নতুন সমিতিৰ গঠনৰ পাছতে আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ  কৰোৱাই কাৰ্যভাৰ প্ৰদান কৰা হয় । সদৌ মিচিং ছাত্ৰ সন্থা, সদৌ মিচিং সংগ্ৰাম সমিতি আৰু সদৌ মিচিং মহিলা সমিতিৰ খেৰকটা আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত সংগঠনিক সভাখনৰ সভাপতিত্ব কৰে জাতীয় সংগঠনৰ আঞ্চলিক সভাপতি ক্ৰমে ৰাজু দলে আৰু ৰাজেশ পেগুৱে। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ইন্দ্ৰ কুমাৰ চুংক্ৰাঙ, জিলা সমিতিৰ নেতা অমৰজিৎ দলে , ৰনোজ পেগু ,ভীষ্ম চুংক্ৰাঙ, পূৰ্ণ কান্ত দলে আদি বহুকেইজন বিষয় ববীয়া উপস্থিত থকা সভাত  জাতিয় সংগঠন তিনিটাৰ নবগঠিত খেৰকটা আঞ্চলিক সমিতি কেইখনৰ সমূহ বিষয় ববীয়াক শপত গ্ৰহণ কৰোৱা হয়।  সাম্প্রতিক জটিল সময় চোৱাত গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সবল কৰা , গ্ৰামাঞ্চলয় সমাজ ব্যৱস্থাৰ পৰা কৌটিকলিয়া অসামাজিক পৰম্পৰা দূৰ কৰা , নিচামুক্ত সামাজিক পৰিবেশ গ্ৰহণ কৰি সুস্থ শৈক্ষিক বাতাবৰণ  সৃষ্টি কৰা আদি বিভিন্ন জৰুৰী কৰণীয়তা সন্দৰ্ভত জিলা আৰু কেন্দ্ৰীয় নেতৃবৰ্গই বক্তব্য ৰাখি নবগঠিত আঞ্চলিক সমিতি সমূহে অধিক দৃঢ়তাৰে এনেবোৰ জাতিয় দায়িত্ব আৰু সমাজমুখী স্বাৰ্থ আগত ৰাখি ভৱিষ্যতৰ দিন বোৰত জাতীয় সংগঠন সমূহে নিষ্ঠা সহকাৰে ন্যস্ত দায়িত্ব পালন কৰি সংগঠন সমূহক অধিক গতিশীলতা প্ৰদানৰ আহ্বান জনায়। সভাত নবগঠিত ছাত্ৰ সন্থাৰ সভাপতি ৰাজ কুমাৰ দলে ,সম্পাদক ৰাকেশ পেগু , সংগ্ৰাম সমিতিৰ সভাপতি শিশু কান্ত দলে ,সম্পাদক স্বৰ্নেশ্বৰ দলে আৰু মহিলা সমিতিৰ সভানেত্রী কল্পনা পেগু আৰু সম্পাদিকা ববিতা টায়েক  আনুষ্ঠানিক ভাৱে শপত গ্ৰহণ কৰাই কাৰ্যভাৰ প্রদান  কৰা হয়। নবগঠিত জাতীয় সংগঠনৰ নেতৃবৰ্গই স্বাধীকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামখন অধিক গতিশীলতা প্ৰদান কৰি জাতিয় দায়িত্ব সততা আৰু নিষ্ঠা সহকাৰে পালন কৰি যোৱাৰ সংকল্প গ্ৰহণ কৰি কেন্দ্ৰীয় আৰু জিলা নেতৃবৰ্গক কৃতজ্ঞতা যাঁচে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই ।

Leave A Reply

Your email address will not be published.