মিচিং স্বায়ত্ব শাসিত পৰিষদৰ নৱনিৰ্মিত অতিথিশালা উদ্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

0 277

ধেমাজি জিলাৰ গোগামুখ চেতিয়া গাঁৱত অৱস্থিত গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰ ( আৰ এল আৰ চি)ৰ চৌহদত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অৰ্থসাহাৰ্যৰে নৱনিৰ্মিত পৰিষদৰ অতিথিশালাটো সোমবাৰে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যখনৰ শিক্ষা আৰু ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাই বিধান সভা সমষ্টিৰ বিধায়ক ভুৱন পেগু, পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু ,মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া ,টাকাম মিচিং পৰিন কেবাঙৰ সভাপতি ৰাজকুমাৰ মৰাং ,সাধাৰণ সম্পাদক তিলক দলে আৰু কাৰ্যবাহী সদস্য আৰু সাধাৰণ সদস্য সকল উপস্থিত থকা গাম্ভীৰ্যপূৰ্ণ সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ফিটা কাটি অত্যাধুনিক অতিথিশালা ৰাইজৰ ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়ে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙিয়াই আঁত ধৰা উন্মোচনী সভাতেই পৰিষদৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১০ লাখ টকা আৰু মিচিং আগম কেবাংৰ তৰফৰ পৰা ২০ হাজাৰ টকা আগবঢ়াই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। ইয়াৰ পাছত বিগত ৰাজ্য চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্য কালত সকলো সমষ্টিত একোটাকৈ স্বাক্ষৰ প্ৰকল্প নিৰ্মাণ কৰাৰ বাবে ১২৬ বিধায়কক আবন্টন দিয়া ধৰনেৰে ১০ কোটি টকাৰ পুঁজিৰে ধেমাজি সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ  শিক্ষা মন্ত্ৰী  ডাঃ ৰণোজ পেগুৰ তদাৰকত ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত কচুতলি গাঁও পঞ্চায়তৰ বহুমুখী প্ৰকল্পৰ স্থানত অসম চৰকাৰ দ্বাৰা নতুনকৈ  নিৰ্মীয়মান দক্ষতা বিকাশ প্ৰশিক্ষণ কেন্দ্ৰটো  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্য্যৰ বুজ লয় ।
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই..

Leave A Reply

Your email address will not be published.