অৱশেষত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক সকলৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যা এটাৰ স্থায়ী সমাধান হ`ল। মহকুমা সদৰত অৱস্থিত একমাত্ৰ চৰকাৰী চিকিৎসালয়খনত দিবা নৈশ চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলে আজৰি পৰত জিৰণীৰ বাবে এটা কোঠাৰ বহুদিনীয়া অভাৱত ভুগি আহিছিল।মানৱ দৰদী চিকিৎসক সকলৰ এনে সুদীর্ঘ দিনীয়া অভাৱৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰি দিলে এম এ চিয়ে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ অন্তৰ্গত প্ৰায় ২০ লাখ টকা অৰ্থ সাহায্যৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় চৌহদত নিৰ্মিত এটা চিকিৎসকৰ জিৰণি গৃহ শুক্ৰবাৰে উন্মোচন কৰি এই সমস্যা সমাধান কৰিলে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। পৰিষদৰ স্বাস্থ্য বিভাগৰ উদ্যোগত চিকিৎসালয়খনৰ চৌহদত সকলো সা সুবিধা বিশিষ্ট দুটা কোঠা নিৰ্মাণৰ বাবে ২০ লাখ টকা পুঁজি আৱন্তন কৰা হৈছিল । পৰিষদৰ আবন্তিত পুঁজিৰে নিৰ্মিত জিৰণি গৃহটো শুক্ৰবাৰে শুভ উন্মোচন কৰে পৰিষদখনৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে । পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগু , সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু খনিকৰ , কনক কোঁৱৰ , চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি , খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহো , স্বাস্থ্য কৰ্মী ৰাজু চুতীয়া , প্ৰফুল্ল বৰগোঁহাই আদিৰ উপস্থিতিত চিকিৎসকৰ জিৰণীৰ বাবে অত্যাধুনিক সা সুবিধা বিশিষ্ট দুটা কোঠা ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি দিয়ে অধ্যক্ষ পেগুৱে। এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত মহকুমা স্বাস্থ্য বিভাগে পৰিষদক সাম্প্ৰতিক সময়ত অতি জৰুৰী বিবেচিত ঔষধ মজুত ৰখা ভঁৰাল ঘৰ আৰু লেবৰেটৰী গৃহ দুটাৰ অভাৱত কৰ্তৃপক্ষ ভুগি অহা বুলি উল্লেখ কৰি অনাগত সময়ত এই দুই সমস্যা সমাধান কৰি দিয়াৰ বাবে আহ্বান জনায়। ইয়াৰ পূৰ্বে অধ্যক্ষ পেগুৱে ঢকুৱাখনা ব্লক চাৰি আলিত অৱস্থিত ঢকুৱাখনা জিলা জনজাতি সংঘৰ চৌহদৰ পকী চাৰি বেৰা আৰু লোৰ গেট নিৰ্মান আঁচনিখনৰ শুভাৰম্ভ কৰে। ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ সভাপতি যতীন পেগু সহ অন্যান্য বিষয় ববীয়া , মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু ঢকুৱাখনা জিলা নেতৃবৰ্গ ক্ৰমে বৃগেন দলে,ক্ষীৰোদ পেগু , দীপেন দলে, ৰাজীৱ দলে ,মোহন পেগু, , নাথুৰাম পেগু , গনশক্তি দলৰ কেন্দ্ৰীয় নেতা ৰাজু খনিকৰ , কনক কোঁৱৰ আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গৰ উপস্থিতিত এম এ চিৰ অধ্যক্ষ পেগুৱে পৰিষদৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ২০২০-২০২১ বৰ্ষৰ প্ৰায় ১৪ লাখ পুঁজিৰে নিৰ্মাণ হবলগীয়া পকী বেৰা নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে । অধ্যক্ষ পেগুৱে আবন্তিত পুঁজিৰ উচিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত জাতীয় সংগঠন আৰু জনজাতি সংঘৰ নেতৃবৰ্গৰ সতৰ্ক দৃষ্টি কামনা কৰে। ঢকুৱাখনাৰ পৰা বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে