চৰকাৰখনৰ সফলতা দিশ সামৰি ৰাজহুৱা সভা অনুষ্ঠিত

0 236

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসমৰ নৱ-নিৰ্বাচিত চৰকাৰখনে নিজৰ কাৰ্যকালৰ আজি ১০০ দিন সম্পূৰ্ণ কৰে। এই ৰাজ্য চৰকাৰখনৰ কাৰ্যকালৰ উল্লেখনীয় সফলতা তথা পদক্ষেপ সমূহৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এখন ৰাজহুৱা সভা তথা সংবাদমেলৰ আয়োজন কৰা হয়। সভাত উপায়ুক্ত গৰাকীয়ে উপস্থিত বিশিষ্ট নাগৰিক আৰু সংবাদসেৱী সকলক বৰ্তমানৰ চৰকাৰখনৰ ১০০ দিনৰ অনিৰুদ্ধ যাত্ৰাত আগবঢ়োৱা উল্লেখনীয় সেৱা আৰু সুশাসন তথা উন্নয়নৰ হকে গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে। অনুষ্ঠানত উপায়ুক্ত গৰাকীয়ে চৰকাৰখনৰ সফলতাৰ খতিয়ান সম্বলিত এখনি পুস্তিকা উন্মোচন কৰে। এই পুস্তিকাখন উপস্থিত বিশিষ্ট নাগৰিক আৰু সংবাদসেৱী সকলৰ মাজত বিতৰণ কৰা হয়।

Leave A Reply

Your email address will not be published.