অৱশেষত ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ কৰ্তব্যৰত চিকিৎসক সকলৰ দীৰ্ঘদিনীয়া অভাৱ সমস্যা এটাৰ স্থায়ী সমাধান হ`ল। মহকুমা সদৰত অৱস্থিত একমাত্ৰ চৰকাৰী চিকিৎসালয়খনত দিবা নৈশ চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক সকলে আজৰি পৰত জিৰণীৰ বাবে এটা কোঠাৰ বহুদিনীয়া অভাৱত ভুগি আহিছিল।মানৱ দৰদী চিকিৎসক সকলৰ এনে সুদীর্ঘ দিনীয়া অভাৱৰ স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰি দিলে এম এ চিয়ে। মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ অন্তৰ্গত প্ৰায় ২০ লাখ টকা অৰ্থ সাহায্যৰে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয় চৌহদত নিৰ্মিত এটা চিকিৎসকৰ জিৰণি গৃহ শুক্ৰবাৰে উন্মোচন কৰি এই সমস্যা সমাধান কৰিলে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে। পৰিষদৰ স্বাস্থ্য বিভাগৰ উদ্যোগত চিকিৎসালয়খনৰ চৌহদত সকলো সা সুবিধা বিশিষ্ট দুটা কোঠা নিৰ্মাণৰ বাবে ২০ লাখ টকা পুঁজি আৱন্তন কৰা হৈছিল । পৰিষদৰ আবন্তিত পুঁজিৰে নিৰ্মিত জিৰণি গৃহটো শুক্ৰবাৰে শুভ উন্মোচন কৰে পৰিষদখনৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে । পৰিষদৰ সাধাৰণ সদস্য বিউটি পেগু , সন্মিলিত গনশক্তি অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰাজু খনিকৰ , কনক কোঁৱৰ , চিকিৎসা বিষয়া ডাঃ প্ৰদীপ মিলি , খণ্ড আঁচনি প্ৰবন্ধক সত্যম কুমাৰ চাহো , স্বাস্থ্য কৰ্মী ৰাজু চুতীয়া , প্ৰফুল্ল বৰগোঁহাই আদিৰ উপস্থিতিত চিকিৎসকৰ জিৰণীৰ বাবে অত্যাধুনিক সা সুবিধা বিশিষ্ট দুটা কোঠা ব্যৱহাৰৰ বাবে উৎসৰ্গা কৰি দিয়ে অধ্যক্ষ পেগুৱে। এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত মহকুমা স্বাস্থ্য বিভাগে পৰিষদক সাম্প্ৰতিক সময়ত অতি জৰুৰী বিবেচিত ঔষধ মজুত ৰখা ভঁৰাল ঘৰ আৰু লেবৰেটৰী গৃহ দুটাৰ অভাৱত কৰ্তৃপক্ষ ভুগি অহা বুলি উল্লেখ কৰি অনাগত সময়ত এই দুই সমস্যা সমাধান কৰি দিয়াৰ বাবে আহ্বান জনায়। ইয়াৰ পূৰ্বে অধ্যক্ষ পেগুৱে ঢকুৱাখনা ব্লক চাৰি আলিত অৱস্থিত ঢকুৱাখনা জিলা জনজাতি সংঘৰ চৌহদৰ পকী চাৰি বেৰা আৰু লোৰ গেট নিৰ্মান আঁচনিখনৰ শুভাৰম্ভ কৰে। ঢকুৱাখনা জিলা ট্ৰাইবেল সংঘৰ সভাপতি যতীন পেগু সহ অন্যান্য বিষয় ববীয়া , মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু ঢকুৱাখনা জিলা নেতৃবৰ্গ ক্ৰমে বৃগেন দলে,ক্ষীৰোদ পেগু , দীপেন দলে, ৰাজীৱ দলে ,মোহন পেগু, , নাথুৰাম পেগু , গনশক্তি দলৰ কেন্দ্ৰীয় নেতা ৰাজু খনিকৰ , কনক কোঁৱৰ আদি গৰিষ্ঠ সংখ্যক নেতৃবৰ্গৰ উপস্থিতিত এম এ চিৰ অধ্যক্ষ পেগুৱে পৰিষদৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ২০২০-২০২১ বৰ্ষৰ প্ৰায় ১৪ লাখ পুঁজিৰে নিৰ্মাণ হবলগীয়া পকী বেৰা নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে । অধ্যক্ষ পেগুৱে আবন্তিত পুঁজিৰ উচিত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত জাতীয় সংগঠন আৰু জনজাতি সংঘৰ নেতৃবৰ্গৰ সতৰ্ক দৃষ্টি কামনা কৰে। ঢকুৱাখনাৰ পৰা বাতৰি যুগুতালে অমৃত পৱন বৰাই।
Trending
- Prime Minister of Bhutan visits Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত পদ্মভূষণ পুষ্পলতা দাস স্মাৰক বক্তৃতানুষ্ঠান
- জন্মদিনত ১০ জন কৃষকক হাতী খেদাৰ বাবে ১০ টা টৰ্ছ আৰু পাটগাওঁ প্ৰাথমিক বিদ্যালয়ত ৩ যোৰ ডেস্ক- বেঞ্চ প্ৰদান প্ৰদান সমাজকৰ্মী বলেশ্বৰ ৰংপীৰ
- Assam CM meets Nirmala Sitharaman, discusses state’s growth roadmap
- এয়াৰটেলৰ পোষ্টপেইডে নেটৱৰ্কৰ সমস্যা সমাধান কৰে
- কৃষি বিজ্ঞান কেন্দ্ৰত কৃষক সজাগতা সভা সম্পন্ন
- Guwahati Hosts Industry 4.0 Dental 3D Printing Workshop
- District Development Committee Meeting Reviews Key Schemes in Kamrup
- উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ দৃষ্টিহীন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত বাৰ্ষিক বঁটা বিতৰণী সভা সম্পন্ন