দক্ষিণ কামৰূপৰ ড০ মামণি ৰয়চম গোস্বামী চ’ক মিৰ্জাত আজি প্ৰতিবন্ধী দিব্যাংগ সন্থাৰ উদ্যোগত আন্তজাৰ্তিক দিব্যাংগ দিৱস পালন কৰা হয়। এই বিশ্ব দিব্যাংগ দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট কবি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জগেশ চন্দ্ৰ কলিতাৰ পৌৰহিত্যত এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি প্ৰধান শিক্ষক অনিল কলিতাই ভাষণ প্ৰসঙ্গত দিব্যাংগ সকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি এই সকলক স্বাবলম্বনৰ পথ মুকলি কৰি দিয়াৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়। সাংবাদিকদ্বয় বিশ্বজিৎ কলিতা, নীৰেন চন্দ্ৰ মালী, সমাজকৰ্মী চন্দ্ৰধৰ কলিতা আৰু নিবন্ধকাৰ তথা কবি প্ৰসেনজিৎ কলিতাই দিব্যাংগ সকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সমূহৰ ওপৰত বিস্তৃত ভাবে আলোকপাত কৰে। ইয়াৰ পূৰ্বে পুৱা ৯ বজাত প্ৰতিবন্ধী কল্যাণ সন্থাৰ সভাপতি ধনেশ্বৰ কলিতাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
Trending
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী