আজি দিনযোৰা কাৰ্যসূচীৰে চচল শতদল শাখা সাহিত্য সভাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।কাৰ্যসূচীৰ অংশ হিচাপে ৰাতিপুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখা সাহিত্য সভাৰ সভাপতি তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া থানেশ্বৰ মালাকাৰে। স্মৃতি তৰ্পন কৰে ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃষ্ণ কান্ত নাথে ৷ প্ৰতিষ্ঠা দিৱস উপলক্ষে সাহিত্যিক থানেশ্বৰ মালাকাৰৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰাক্তন সভাপতিসকলৰ লগতে প্ৰয়াত প্ৰাক্তন সভাপতিৰ পৰিয়ালবৰ্গক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শাখা সাহিত্য সভাৰ সম্পাদক ড° কমল চৌধুৰীয়ে উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাৰ আদৰণি ভাষণ আগবঢ়াই শাখাৰ উপ-সভাপতি ড° মিনেশ্বৰ হাজৰিকাই। শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰশাসনিক সেৱাৰ বিষয়া ভূপেন্দ্ৰ নাথ দাস আৰু প্ৰাক্তন সভাপতি বিশিষ্ট গীতিকাৰ লোহিত হাজৰিকাই শাখা সাহিত্য সভাৰ বিভিন্ন দিশ লগতে অসমীয়া ভাষা সাহিত্যৰ উন্নয়নৰ দিশত বক্তব্য আগবঢ়ায় ৷ শাখা সাহিত্য সভাৰ কোষাধ্যক্ষ গিৰীশ শৰ্মা আৰু শাখাৰ সদস্য সদানন্দ বৰ্মণৰ সুমধুৰ ভূপেন্দ্ৰ সংগীতে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । শতাধিকলোক উপস্থিত থকা প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত শাখা সভাৰ সদস্য তথা অসম প্ৰশাসনিক সেৱাৰ বিষয়া প্ৰফুল্ল ডেকা, সভাৰ সদস্য তথা হোজাই মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কুমুদেশ্বৰ শৰ্মা, মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, শাখা সভাৰ উপ-সভাপতি অন্নপ্ৰভা কাকতি, শিল্পী প্ৰণতি বৰুৱা, শাখা সভাৰ সদস্য পৰেশ শৰ্মা, ত্ৰিবেণী মজুমদাৰ, শাখা সভাৰ প্ৰচাৰ সম্পাদক ধনঞ্জয় তালুকদাৰ আদি ব্যক্তিসকলে শাখা সভাৰ বিভিন্ন দিশ আৰু অসমীয়া ভাষাৰ উন্নতিৰ বাবে বক্তৃতা আগবঢ়ায় । সভাপতিৰ ভাষণত থানেশ্বৰ মালাকাৰে অসমৰ জাতি সত্বাৰ পৰিচয় অসমৰ ভাষা আৰু কৃষ্টি-সংস্কৃতিৰ উত্তৰণৰ বাবে প্ৰতিজন সাহিত্য অনুৰাগী আৰু সংস্কৃতিবান ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাৰে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ হকে আগবাঢ়ি আহি অসমীয়াৰ পৰিচয় বিশ্বদৰবাৰত যাতে সদায়েই জাকত জিলিকা হৈ থাকে তাৰ বাবে সকলোকে আহ্বান জনায় । এই ক্ষেত্ৰত জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাই এক উল্লেখণীয় বৰঙণি আগবঢ়াই যাব বুলি আশা প্ৰকাশ কৰে।চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা সভা জাতীয় সংগীতেৰে সমাপ্তি ঘটে ।সন্ধিয়া ৫ বজাত শাখা সাহিত্য সভাৰ প্ৰাংগনত বন্তি প্ৰজ্বলন কৰা হয়।
Trending
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন