অসম কুংফু সন্থাৰ অধীনস্থ কামৰূপ (গ্ৰাম্য) কুংফু সন্থাৰ উদ্যোগত মিৰ্জাৰ পলাশবাৰী আৰ.বি.উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেলপথাৰত ২১ নৱেম্বৰত মাষ্টাৰ দাদুল কুমাৰ দাস সোঁৱৰণী প্ৰথম বাৰ্ষিক আন্ত: ক্লাব কামৰূপ কুুংফু চেম্পিয়নশ্বিপ খনি অনুষ্ঠিত হৈ যায়। চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ পৰ্য্যায়ত ৩৩ টা শ্ৰেণীত অনুষ্ঠিত হৈ যোৱা প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক সোঁণ, ৰূপ, ব্ৰঞ্জৰ পদক আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। কামৰূপ গ্ৰাম্য আৰু মহানগৰ জিলাৰ ২৪৪ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰা প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্যৰ দলে শ্ৰেষ্ঠ দলৰ আৰু কামৰূপ মহানগৰ জিলাৰ দলে দ্বিতীয় শ্ৰেষ্ঠ দলৰ পুৰস্কাৰ লাভ কৰে। আনহাতে কৰ্ণ দাসে শ্ৰেষ্ঠ পুৰুষ খেলুৱৈ আৰু প্ৰিয়ংকা নাথে শ্ৰেষ্ঠ ছোৱালী খেলুৱৈৰ পুৰস্কাৰ লাভ কৰে। আন্ত: ৰাষ্ট্ৰীয় খেলুৱৈ তথা অসম কুুংফো সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ হালৈয়ে আঁতধৰা পুৰস্কাৰ বিতৰণী সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া মুখ্য অতিথি হিচাপে আৰু অসম কুংফু সন্থাৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাস, কাৰ্যকৰী সভাপতি সন্তোষ কুমাৰ নাথ মুখ্য বিচাৰক এন. চি.ৰাৱে আৰু দৈনিক জনমভূমি কাকতৰ সাংবাদিক দীপক চন্দ্ৰ কলিতাই বঁটা বিতৰক হিচাপে উপস্থিত থাকে। ইপিনে উক্ত দিনাই অসম কুংফু সন্থাৰ ২১ সংখ্যক অধিৱেশন খনিও মিৰ্জাৰ পলাশবাৰী.আৰ.বি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হৈ যায়। এন. চি. ৰাৱৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ বিষয় বাছনি সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াক সভাপতি, চন্দন কুমাৰ নাথ কাৰ্যকৰী সভাপতি, বৰ্তমানৰ সাধাৰণ সম্পাদক পংকজ কুমাৰ দাসক (মিৰ্জা) আৰু আন্তঃ ৰাষ্ট্ৰীয় খেলুৱৈ ধৰ্মেশ্বৰ হালৈক সহকাৰী সাধাৰণ সম্পাদক হিচাপে লৈ আগন্তুক তিনি বছৰৰ বাবে ৫২ জনীয়া নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয়। এই সমিতিত বাবুল দাসক (গোলাঘাট), কন্দৰ্প কুমাৰ নাথ (বঙাইগাঁও), সিদ্ধাৰ্থ শইকীয়া (যোৰহাট), পৰাগ চৌধুৰী (গুৱাহাটী), উৎপল বৰুৱা (তিনিচুকীয়া) আৰু বসন্ত শইকীয়া (লখিমপুৰ)ক উপ সভাপতি হিচাপে বাছনি কৰা হয়। আগন্তুক ২০২২ বৰ্ষত অসম কুংফু সন্থাৰ উদ্যোগত অসমত ৰাষ্ট্ৰীয় পৰ্যায়ত এখনি কংফু প্ৰতিযোগিতা আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
Trending
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান