যোৱা ১০ বছৰৰ অভূতপূর্ব সফলতাৰ পিছত ৰাইজৰ বিপুল সমর্থনেৰে এইবেলিও এক অনন্য প্রস্তুতিৰে দক্ষিণ কামৰূপ ক্রিকেট ক্লাৱৰ উদ্যোগত ৩ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈকে পাঁচদিনীয়াকৈ এক্সপজাৰ কাপ-১১ দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতাখনি অনুষ্ঠিত হৈছে। যোৱা কালি শুভ উদ্বোধনী উপলক্ষে সন্ধিয়া পতাকা উত্তোলন কৰে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাৱৰ সভাপতি জিতেন্দ্ৰ কুমাৰ দাসে, শিখা প্ৰজ্বলন কৰে সমাজ সেৱক দিগন্ত ঠাকুৰীয়াই, খেল উদ্বোধন সাসংদ কুইন ওজাই, উদ্বোধনী অনুষ্ঠানত ডাইনালুমৰ জ্যেষ্ঠ পৰিচালক বিকাশ কুমাৰ আগৰৱাল, বৰঝাৰ বিমান বন্দৰৰ মুখ্য পৰিচালক উৎপল বাদল বৰুৱা, বিমান বন্দৰৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰুমা দেৱী কেওঁটৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পিছতে বিশেষ আকৰ্ষণ হিচাপে দক্ষিণ কামৰূপ ক্ৰিকেট ক্লাব আৰু দক্ষিণ কামৰূপৰ সাংবাদিক সকলৰ মাজত এখন প্ৰদৰ্শনীমূলক প্ৰীতিখেল অনুষ্ঠিত হয়। উত্তেজনা পূৰ্ণ খেলখনত দক্ষিণ কামৰূপ সাংবাদিকৰ দলে জয়লাভ কৰে। আকৰ্ষণীয় পুৰস্কাৰ থকা প্ৰতিযোগিতা খনত বিভিন্ন অঞ্চলৰ বহুকেইটা দলে অংশ গ্ৰহণ কৰে। পাঁচদিনীয়াকৈ অনুষ্ঠিত হোৱা খেলত ক্ৰীড়া প্ৰেমী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।
Trending
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ