মুম্বাইস্থিত মেগমা এই চডি আই জেনেৰেল ইন্সিউৰেন্স চমুকৈ মেগা এইচডিআইয়ে গুৱাহাটীত ইয়াৰ প্ৰথমটো শাখা মুকলি কৰি উত্তৰ পূৰ্বাঞ্চলৰ বজাৰত প্ৰথমবাৰলৈ প্ৰৱেশ কৰিছে।এই শাখাটোৰ জৰিয়তে মেগমা এইচডিআইয়ে উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰমবৰ্দ্ধমান বীমাৰ বজাৰখনত খোপনি পোতাৰ প্ৰয়াস কৰিছে।এই নতুন শাখাটোৰ সৈতে মেগমা এইচডিআইয়ে বৰ্তমানে ভাৰতত ১৩০ টা কাৰ্য্যকৰী শাখা হ’ল।পৰৱৰ্তী বিত্তীয় বৰ্ষত উদ্যোগটোৱে মেঘালয় আৰু ত্ৰিপুৰাতো শাখা মুকলি কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।মেগমা এইচডিআইয়ে গাড়ী ,স্বাস্থ্য, গৃহৰ বীমাৰ সুবিধা প্ৰদান কৰে।ইয়াৰ উপৰিও উদ্যোগটোৱে গ্ৰাহকৰ প্ৰয়োজন অনুসৰি বীমা পলিচি সুবিধা প্ৰদান কৰে।আজি মহানগৰীৰ হোটেল গ্ৰেটৱেত অনুষ্ঠিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে ।উল্লেখযোগ্য যে মেগমা হ’ল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পঞ্জীকৃত এনে এক উদ্যোগ ,যিটো উদ্যোগে তিনি দশক ধৰি কাম আছে।
Trending
- খেল মহাৰণ ২.০ সন্দৰ্ভত কামৰূপ (ম) জিলা আয়ুক্তৰ নিৰ্দেশ
- লোকগীত সম্ৰাট ৰামেশ্বৰ পাঠক সোঁৱৰণী আন্তঃবিদ্যালয় লোকগীত প্ৰতিযোগিতা
- খানামুখত অসম শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ উদ্যোগত স্বাস্থ্য পৰীক্ষা শিবিৰ
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান