মৰিগাঁও জিলাৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টা উচ্ছেদিত পৰিয়ালক এবিঘাকৈ মাটি আৱণ্টন দিয়াৰ বাবে প্ৰস্তাৱ গৃহীত-মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত উচ্ছেদিত লোকৰ স্থায়ী পুনৰসংস্থাপনৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 74

চৰকাৰী ভূমিৰ পৰা উচ্ছেদিত লোকসকলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া স্থায়ী পুনৰসংস্থাপনৰ প্ৰতিশ্ৰুতিক বাস্তৱ ৰূপ প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনে গ্ৰহণ কৰা তাৎক্ষণিক পদক্ষেপৰ অংশৰূপে ওৰাং ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ পৰা উচ্ছেদিত হৈ মৰিগাঁও জিলাৰ কেতবোৰ চৰ অঞ্চলত পুনৰসংস্থাপিত ৭৬ টাকৈ পৰিয়ালৰ বাবে ভূমি আবণ্টনৰ প্ৰস্তাৱ আজি গৃহীত হয়। মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত জিলাখনৰ লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ ৩৭ টা পৰিয়াল আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ ৩৯ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত লাহৰীঘাট ৰাজহ চক্ৰৰ অধীনৰ মৈৰাবাৰী মৌজাৰ ২ নং ৰংৰাই চাপৰি আৰু চিতলমাৰী চৰ আৰু ভূৰাগাঁও ৰাজহ চক্ৰৰ অধীনৰ বোকনি মৌজাৰ মেৰবিল হাবি চৰৰ মুঠ ৭৬ টা পৰিয়ালক ভূমি আবণ্টন দিয়াৰ বাবে প্ৰস্তাৱ দাখিল কৰা হয়। সমিতিৰ সকলো সদস্য তথা সদস্যৰ প্ৰতিনিধিৰ উপস্থিতিত অন্য ঠাইত মাটি নথকা এই পৰিয়ালসমূহৰ বাবে ভূমি আৱন্টনৰ প্ৰস্তাৱ গৃহীত হয়। উল্লেখযোগ্য যে যোৱা ১২ ছেপ্টেম্বৰত জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত নগাঁও আৰু মৰিগাঁও জিলাৰ কেইবাটাও সমষ্টিৰ বিধায়ক, নগাঁও, মৰিগাঁও আৰু হোজাইৰ জিলা আয়ুক্ত, আমছুৰ নেতৃত্ব আৰু সংশ্লিষ্টসকলৰ উপস্থিতিত উচ্ছেদিত লোকসকলৰ স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোও বিতংভাৱে আলোচনা কৰা হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে শোণিতপুৰ আৰু দৰং জিলাৰ কেতবোৰ অঞ্চলত বেদখল হৈ থকা মাটিত প্ৰশাসনৰ দ্বাৰা চলোৱা উচ্ছেদ অভিযানৰ ফলত গৃহহাৰা হোৱা লোকসকলৰ বাবে স্থায়ী পুনৰসংস্থাপনৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে উচ্ছেদিত তথা ইতিমধ্যে নগাঁও, মৰিগাঁও আদি জিলাৰ বিভিন্ন ঠাইত পুনৰসংস্থাপিত লোকসকলক উক্ত স্থানতেই স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰাৰ বিষয়টোত জোৰ দিছিল। চৰকাৰে উচ্ছেদিত লোকসকলে দখল কৰা মাটিত উৎপাদিত ফচল কটাৰ বাবেও সুবিধা কৰি দিছিল। সেইমৰ্মে আজি মৰিগাঁও জিলাত প্ৰথম পৰ্যায়ত ৭৬ টা পৰিয়ালক এবিঘাকৈ মাটি প্ৰদান কৰাৰ বাবে প্ৰস্তাৱ গৃহীত হয়। জিলা আয়ুক্তগৰাকীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰ আৰু মৰিগাঁও জিলা প্ৰশাসনে উচ্ছেদিত লোকসকলৰ বিষয়টো মানৱীয় দৃষ্টিভংগীৰে গ্ৰহণ কৰিছে আৰু এইসকল লোকে সমাজৰ মূল স্তৰৰ লোকসকলৰ দৰে যাতে সমান সা-সুবিধা লাভ কৰি এটা সাধাৰণ জীৱন যাপন কৰিব পাৰে তাৰ বাবে চৰকাৰ তথা প্ৰশাসন প্ৰতিশ্ৰুতিবদ্ধ। আজিৰ মহকুমা ভূমি উপদেষ্টা সমিতিৰ বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত (ৰাজহ) বিমান দাস, জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি দিব্যজিৎ নেওগ, সমাজকৰ্মী অশোক ডেকা, বটদ্ৰৱা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি ধৰ্মেন্দ্ৰনাথ বৰদলৈ, লাহৰীঘাট সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি চামচুল হক, ধিং সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি মঃ চিদ্দিক আহমেদ, জিলা পৰিষদৰ সভানেত্ৰী ইছমেআৰা বেগম, মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলী, তিৱা স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মুছৰাং আৰু মৰিগাঁও জিলাৰ চক্ৰ বিষয়াসকল উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.