যুদ্ধকালীন তৎপৰতাৰে চলি আছে গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ নিৰ্মাণ কার্য -২০২৩ বর্ষৰ স্বাধীনতা দিৱসত যাতায়তৰ বাবে মুকলি কৰাৰ লক্ষ্য

0 286

# যুদ্ধকালীন তৎপৰতাৰে চলি আছে গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত দলঙৰ নিৰ্মাণ কার্য #

# ২০২৩ বর্ষৰ স্বাধীনতা দিৱসত যাতায়তৰ বাবে মুকলি কৰাৰ লক্ষ্য #

#৫৫ শতাংশ নিৰ্মাণ কার্য সম্পূৰ্ণ#

১৭ মাৰ্চ :

২০১৬ চনত প্ৰথম বাৰৰ বাবে অসমৰ শাসনলৈ অহা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বি.জে.পি মিত্ৰজোঁটৰ চৰকাৰৰ উল্লেখনীয় কামৰ ভিতৰত অন্যতম আছিল ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী – উত্তৰ গুৱাহাটী সংযোগী ছয়লেনযুক্ত নিৰ্মাণ কার্য। ভাৰত চৰকাৰৰ জৰিয়তে নিউ ডেভলপমেণ্ট বেংকৰ পৰা লাভ কৰা ২,৬০৮.৬৮ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কার্য চলি থকা দলংখন অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ ইতিহাসত আটাইতকৈ অধিক ব্যয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন দলং হিচাপে পৰিগণিত হব। উল্লেখযোগ্য যে, লোকনির্মাণ বিভাগৰ “বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প (Externally Added Project) চমুকৈ ই.এ.পিৰ ব্ৰহ্মপুত্ৰ দলং সংমণ্ডলে নিৰ্মাণ কৰি থকা দলংখনৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা ২০২০ বৰ্ষৰ পহিলা মাৰ্চত স্থাপন কৰা হৈছিল। তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপনৰ সময়তে দলংখন ২০২৩ বর্ষত স্বাধীনতা দিৱস তথা ১৫ আগষ্টত ৰাইজৰ যাতায়তৰ বাবে মুকলি কৰা হ’ব বুলি সৰ্বানন্দ সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল। আনহাতে দলংখনৰ নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰিছে হাৰিয়ানাৰ পঞ্চকুলাৰ মেচাৰ্ছ এছ.পি ছিংলা নামৰ এটা প্ৰখ্যাত নিৰ্মাণকাৰী প্ৰতিষ্ঠানে। উল্লেখযোগ্য যে দলংখন নিৰ্মাণ হলে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ সৈতে গুৱাহাটীৰ লগত যাতায়তৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা হোৱাটো নিশ্চিত। বিশেষকৈ চাংসাৰীত নিৰ্মাণ কার্য চলি থকা আৰু চলিত বর্ষৰ আগষ্ট মাহৰ ভিতৰত মুকলি হ’বলগীয়া সৰ্বভাৰতীয় চিকিৎসা সেৱা প্ৰতিষ্ঠান চমুকৈ এইমছলৈ যাতায়ত ব্যৱস্থা গুৱাহাটীৰ পৰা অতি সুচল হোৱাৰ উপৰিও বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ কৰি দৰং, ওদালগুৰি বাগছা, শোণিতপুৰসহ উত্তৰ অসম আৰু চুবুৰীয়া অৰুণাচল প্ৰদেশৰো লোক সহজতে গুৱাহাটীলৈ অহা যোৱা কৰিব পাৰিব। ১,২৪০ মিটাৰ দৈৰ্ঘ্যৰ আৰু ৩৩ মিটাৰ বহলৰ ছয়লেনযুক্ত দলংখন পথ সহিতে মুঠ দৈৰ্ঘ্য হব ৮,৪০৫ কিঃমিঃ। ইতিমধ্যে নদীৰ ওপৰত পদপথ সহিতে থাকিব লগীয়া ১,২৪০ মিটাৰ অংশত ৬ টা খুটা থাকিব । প্ৰতিটো খুটাৰ মাজত ব্যৱধান হব প্ৰায় ২০০ মিটাৰ। লোকনির্মাণ বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি ই.এ.পিৰ মুখ্য অভিযন্তা পৱন টেৰণৰ নেতৃত্বত অধীক্ষক অভিযন্তা ভুদেৱ শৰ্মা, ব্ৰহ্মপুত্ৰ দলং সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ডিম্বেশ্বৰ কামান, সহকাৰী কাৰ্যবাহী অভিযন্তাদ্বয় গৌতম ডেকা আৰু সমীয়া দাসগুপ্তই দিনে নিশাই নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি আহিছে।তদাৰক কৰি থকা অভিযন্তা সকলে জানিবলৈ দিয়া মতে এই পৰ্যন্ত পৰ্যন্ত দলংখনৰ ৫৫ শতাংশৰো অধিক নিৰ্মাণকার্য সম্পূৰ্ণ হৈছে। সমান্তৰালভাৱে দলঙৰ খুটা সমূহৰো পানীৰ তলত থাকিবলগীয়া অংশৰ (৫০ ৰ পৰা ৬০ মিটাৰ পৰ্যন্ত গভীৰতা) নিৰ্মাণকার্য সম্পূৰ্ণ হৈছে। আনহাতে দলংখনৰ দক্ষিণ পাৰৰ অংশটো দীনেশ গোস্বামী পথৰ ভূতনাথত সংযোজিত হব। আনহাতে আৰম্ভণিৰে পৰা গড় হিচাপত দৈনিক প্ৰায় এক হাজাৰৰো অধিক শ্রমিক নিৰ্মাণ কার্যৰ সৈতে জড়িত হৈ থকা দলংখন নিৰ্ধাৰিত সময়ৰ ভিতৰতে যাতে প্ৰাক কলন অনুসৰি নিখুতভাবে নিৰ্মাণকার্য সম্পূৰ্ণ হয় তাৰ বাবে ব্ৰাজিলৰ বিশ্ববিখ্যাত কনচালটেন্ট প্ৰতিষ্ঠান “Systra” ক দায়িত্ব অৰ্পণ কৰা হৈছে। ইয়াৰ উপৰিও উত্তৰ গুৱাহাটীৰ পৰা কিছু নিলগৰ গৌৰীপুৰত সংযোজন হ’বলগীয়া অংশলৈ ভূতনাথৰ পৰা নিশা যাতে পোহৰৰে আলোকিত হৈ থাকে তাৰ বাবে উচ্চক্ষমতা সম্পন্ন স্ট্ৰীট লাইট স্থাপন কৰা হ’ব । তেনেদৰে পানীৰ ওপৰত থাকিব লগীয়া অংশখিনীৰ বাহিৰে বাকী সকলোতে পথৰ দুয়ো দাঁতিত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণ কৰা হব। দলংখনৰ নিৰ্মাণ কাৰ্যত চেগমেণ্টেল কনট্ৰাকচন পদ্ধতিৰ লগতে বিশ্বৰ উন্নত দেশ সমূহৰ দৰে অত্যাধুনিক শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে বুলি অভিযন্তা সকলে জানিবলৈ দিছে।

Leave A Reply

Your email address will not be published.