যোৰহাটত আজি অন্ত পৰে তিনিদিনীয়া স্ব-নিয়োজন মেলা

0 297

যোৰহাটত  জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট কাছাৰী মৈদানত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা স্ব- নিয়োজন ( স্বাৱলম্বিতাৰ দিশে এটি প্ৰয়াস) মেলাৰ আজি সফলতাৰে অন্ত পৰে৷ প্ৰশিক্ষণৰ জৰিয়তে নিবনুৱাসকলক স্ব- নিৰ্ভৰশীল হোৱাৰ পথ দেখুওৱাৰ উদ্দেশ্যে কৃষি,পশুপালন,মীনপালন,বস্ত্ৰ,হস্ততাঁত,ৰেছম,চাহ আদি বিভিন্ন ক্ষেত্ৰত থকা উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়াবলৈ বহু কেইজন সফল উদ্যমী উদ্যোগী আৰু পাৰদৰ্শী সমল ব্যক্তি প্ৰশাসনৰ আমন্ত্ৰণ ক্ৰমে আহি প্ৰশিক্ষণ প্ৰদান কৰে৷ ৭ এপ্ৰিলৰ পৰা ৯ এপ্ৰিললৈকে অনুষ্ঠিত হোৱা এই মেলা তথা সমাৱেশত প্ৰশিক্ষণ ল’বলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০০ যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰি সন্তুষ্টি প্ৰকাশ কৰে৷ যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনৰ বিশেষ প্ৰচেষ্টাত জিলাখনত প্ৰথমবাবৰ বাবে নিবনুৱাসকলক স্বনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাবলৈ এনেধৰণৰ সমাৱেশৰ ব্যৱস্থা কৰা হৈছিল ৷

আজি সামৰণি অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্যসভাৰ সাংসদ তথা ভাৰতীয় চাহ বৰ্ডৰ সদস্য কামাখ্যা প্ৰসাদ তাচা৷ সাংসদ গৰাকীয়ে বক্তব্যত কয় যে যোৰহাট জিলাত জিলা উপায়ুক্ত গৰাকীৰ তৎপৰতাত জিলা প্ৰশাসনে আয়োজন কৰা এনেধৰণৰ ব্যতিক্ৰমী স্ব- নিয়োজন মেলা তথা নিয়োগ সৃষ্টিৰ মেলাই যুৱক যুৱতীসকলে চৰকাৰে দিব বুলি ৰৈ নাথাকি নিজে কম মূলধন নিয়োগ কৰিয়ে উপাৰ্জনৰ পথ বাছি ল’বলৈ সক্ষম হ’ব ৷ এনেধৰনৰ স্ব- নিয়োজন মেলাৰ প্ৰতিখন জিলাতে আয়োজন কৰাটো অতি জৰুৰী গতিকে আগলৈ প্ৰতিখন জিলাতে এই মেলাৰ আয়োজন কৰিবলৈ চৰকাৰক আহ্বান জনাব বুলিও সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে আজি অনুষ্ঠানত মাজুলী জিলাৰ উপায়ুক্ত পুলক মহন্ত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা যুৱক যুৱতীসকলক শুভেচ্ছা জ্ঞাপন কৰি উৎসাহিত কৰে৷

সামৰণি অনুষ্ঠানত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে স্ব- নিয়োজন মেলাখন সাফল্যমণ্ডিত কৰি তোলা বিজ্ঞ সমল ব্যক্তিসকল জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া- কৰ্মচাৰীসকল, উপস্থিত বেংকসমূহৰ মুৰব্বী বিষয়া সকল, NCC ৰ বিষয়াসকল, এয়াৰ ফ’চৰ বিষয়াসকল, CRPF ৰ বিষয়াসকল,CSIR- NEIST, RFRI, AAU আদি প্ৰতিষ্ঠানসমূহ আৰু মেলাখনৰ লগত জড়িত থকা সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে৷অনুষ্ঠানৰ আঁত ধৰি সদৰ মহকুমাধিপতি দিনচেংফা বৰুৱাই স্ব- নিয়োজন মেলাৰ লগত জড়িত সংশ্লিষ্ট বিভাগসমূহক ধন্যবাদ জনায় ৷ উক্ত তিনিদিনীয়া কাৰ্যসূচীত উৎপাদৰ সম্ভাৱনা থকা শিতানসমূহ যেনে- কৃষি,ৰেছম,পশুপালন,মীনপালন, চাহ উদ্যোগ আদিৰ লগতে বিত্তীয় প্ৰতিষ্ঠান,কেৰিয়াৰ গাইড আদি বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হয়৷ আজি অন্তিম দিনা CRPF ৰ কামাণ্ডেন্ট নৰেন্দ্ৰ সিঙে কেৰিয়াৰ গাইড সম্পৰ্কে NCC ৰ কেডাৰসকলক প্ৰশিক্ষণ প্ৰদান কৰে ৷ আনহাতে ভাৰতীয় বিমান বাহিনী ( Indian Air Force)ৰ বিষয়াসকলে বিমান বাহিনীত নিয়োগ তথা যোগদানৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো বিষয় সাঙুৰী আজি কলেজৰ ছাত্ৰ ছাত্ৰী আৰু NCC ৰ কেডাৰসকলক বিষদভাৱে বুজাই প্ৰশিক্ষণ প্ৰদান কৰে৷সামৰণি অনুষ্ঠানত যোৰহাটৰ সংগীত শিল্পী অমন আহমেদে গীত পৰিৱেশন কৰাৰ লগতে বহুকেইজন শিল্পীয়ে অংশগ্ৰহণ কৰে৷

আজিৰ অনুষ্ঠানত বানিজ্য আৰু নিয়োগ আয়ুক্ত, নেডাৰলেণ্ডৰ প্ৰতিনিধি অম্লান বৰা, NERAMC লিমিটেডৰ পৰিচালন সঞ্চালক মনোজ দাস ,যোৰহাট,জিলা উন্নয়ন আয়ুক্ত অধৰ ভূঁঞা, অতিৰিক্ত উপায়ুক্তদ্বয় দামোদৰ বৰ্মন আৰু অৰুন ব্ৰহ্ম,এয়াৰ ফ’চৰ মুৰব্বী বিষয়াসকল, বেংকসমূহৰ মুৰব্বী বিষয়াসকল, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷

 

Leave A Reply

Your email address will not be published.