লক্ষ্য শক্তিশালী অগপ বৰপেটাত অগপৰ বিশাল দলীয় কৰ্মী সন্মিলন -লোকসভাত কংগ্ৰেছ মুক্ত হ’ব অসম- অতুল বৰা

0 158

বৰপেটা চহৰৰ বৰপেটা জিলা পুথিভৰালত অসম গণ পৰিষদ দলৰ বৰপেটা লোকসভা সমষ্টিৰ কেইবা হেজাৰো দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।সন্মিলনত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। স্বদেশ-স্বজাতি-স্বাধিকাৰ হৈছে অসম গণ পৰিষদৰ অংগীকাৰ।সম অধিকাৰ-ধৰ্মনিৰপেক্ষতা অসম গণ পৰিষদৰ মহামন্ত্ৰ। প্ৰগতিশীল আৰু চিন্তাশীল জাতীয়তাবাদৰ ভিত্তিত ঐক্য আৰু সমন্বয়ৰ যোগেদি অসম গণ পৰিষদে অসমবাসীৰ উদাত্ত কণ্ঠ হৈ জন্মলগ্নৰেপৰাই সবল ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি সভাপতি অতুল বৰাই কয় যে, এই যাত্ৰাপথত বিভিন্ন প্ৰতিকূলতা নেওচি অগপই নতুন চেতনাশক্তি আৰু সমৃদ্ধ অভিজ্ঞতাৰে এতিয়া উজ্জীৱিত হৈ উঠিছে। দলৰ কৰ্মীসকল এই দুৰন্ত যাত্ৰাৰ মূল চালিকাশক্তি। সভাপতি বৰাই লগতে আঞ্চলিকতাবাদক শক্তিশালী কৰাৰ হেঁপাহেৰে সমৰ্পিত হৈ থকা কৰ্মকৰ্তাসকলৰ ব্যাপক উৎসাহ, দৃঢ় মনোবল আৰু কৰ্মস্পৃহা প্ৰত্যক্ষ কৰি কয় যে- অসম গণ পৰিষদৰ সাংগঠনিক শক্তি দিনকদিনে অধিক টনকিয়াল হ’বলৈ ধৰিছে। ৰাইজৰ আস্থা-বিশ্বাস, মৰম-আশীৰ্বাদ শিৰত লৈ নতুন উদ্দীপনাৰে অগপক শক্তিশালী কৰাৰ বাবে কৰ্মীসকলে টঙালি বান্ধিছে। অসমৰ সৰ্বস্তৰৰ জনগণৰ স্বাৰ্থ সুৰক্ষিত কৰি এখন সমৃদ্ধিশালী আৰু শক্তিশালী অসম গঢ়াৰ লক্ষ্যৰে অগপৰ তৃণমূল ভেটি সবল কৰাত মনোনিৱেশ কৰিবলৈ কৰ্মকৰ্তাসকলক সভাপতি গৰাকীয়ে আহ্বান জনায়। অগপ আৰু আঞ্চলিকতাবাদ এটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। অগপ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা বুলি সভাপতি গৰাকীয়ে উল্লেখ কৰে। সন্মিলনত দলৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি কয় যে, অসমত নিৰ্বাচনৰ আগতে কেবাটাও আঞ্চলিক দলৰ জন্ম হৈছে যদিও অসম গণ পৰিষদৰ দৰে সংগ্ৰাম তথা ছয়বছৰীয়া আন্দোলনৰ মাজেৰে কোনো আঞ্চলিক দল গঠন হোৱা নাই ৷ মহন্তই লগতে কয় যে, দল কেতিয়াবা ৰাইজৰ পৰা আতৰি আহিছে কিন্তু আতৰি আহিবলগীয়াৰ কাৰণ হৈছে দলটো নিজে ৷ ৰাইজে অসম গণ পৰিষদক কেতিয়াও আতৰাই পেলাব খোজা নাছিল ৷ ক্ষমতাত নাথাকোতেও দল দুটা ভাগত ভাগ হবলগীয়া হৈছিল ৷ দোষ আছিল দলৰ নেতৃত্বৰ ইয়াত ৰাইজৰ কোনো দোষ নাই , দলীয় কৰ্মীৰ কোনো দোষ নাই ৷কিন্তু এতিয়া দল একেলগে একগোট হৈ থাকিব লাগিব৷দলৰ আভ্যন্তৰীন বিষয়ত দলীয় সকলো কৰ্মী এক হব লাগিব ৷ ভবিষ্যতে আগুৱাই যাব লাগিলে দলৰ প্ৰতিজন কৰ্মীয়েই ককালত টঙালি বান্ধিব লাগিব, একত্ৰিত হব লাগিব ৷ কৰ্মকৰ্তা সকলেই দলৰ চালিকা শক্তি৷ তেওঁলোকে প্ৰচূৰ কৰ্মনিষ্ঠা তথা নিৰন্তৰ প্ৰয়াসেৰে দলৰ সাংগঠনিক ভেটি সৱলীকৰণৰ ক্ষেত্ৰত আত্মনিয়োগ কৰি আহিছে ৷ আসন্ন লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনত দলৰ বিজয়ধ্বজা উৰুৱাৰ নিমিত্তে এতিয়াৰ পৰাই প্ৰস্তুত হব লাগিব ৷ গতিকে, কৰ্মকৰ্তা সকলক পূৰ্ণোদ্যমেৰে সাংগঠনিক পৰিকাঠামো সুদৃঢ় কৰিবলৈ মহন্তই আহ্বান জনায়। অসম গণ পৰিষদ দল আঞ্চলিক দল যদিও ইয়াৰ এটা ৰাষ্ট্ৰীয় দৃষ্টিভংগীও আছে ৷ আহিব লগীয়া নিৰ্বাচন সমূহত দলটো শক্তিশালীভাবে আগুৱাই যাব লাগিব৷ৰাজনীতিত সদায় প্ৰত্যাহ্বান আছে ৷ সেই প্ৰত্যাহ্বান দলে গ্ৰহণ কৰিব লাগিব আৰু সেই প্ৰত্যাহ্বান নেওচি দল আগুৱাই যাব লাগিব৷সেই প্ৰত্যাহ্বান নেওচিবৰ ক্ষমতা অসম গণ পৰিষদ দলৰ আছে বুলিও সন্মিলনত কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই উল্লেখ কৰে। সন্মিলনত উপস্থিত থাকি অগপৰ জ্যেষ্ঠ নেতা ফণী ভুষণ চৌধুৰীয়ে কয় যে ভাৰতবৰ্ষৰ ৰাজনীতিত এতিয়া আঞ্চলিক দলৰ প্ৰাসংগিকতা আছে ৷ অগপই আঞ্চলিকতাবাদক শক্তিশালী কৰিব লাগিব । অসমক কংগ্ৰেছ মুক্ত কৰাৰ লগতে তৃণমূল পৰ্য্যায়ৰ পৰা অসম গণ পৰিষদৰ শক্তি বৃদ্ধি কৰিব লাগিব ৷ দলৰ সদস্য বৃদ্ধি কৰাত ক্ষেত্ৰতো ফণীভূষণ চৌধুৰীয়ে গুৰুত্ব আৰোপ কৰে ৷ ৰাজ্য সভাৰ সাংসদ তথা দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কয় যে,আঞ্চলিক দল অবিহনে দিল্লীত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰে৷অগপই বৰপেটা লোক সভা সমষ্টি ইউ ডি এফ আৰু কংগ্ৰেছ মুক্ত কৰিব লাগিব ৷ অসমৰ ১৪ টা লোক সভা সমষ্টি মিত্ৰজোটে দখল কৰিব লাগিব বুলিও সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷ সন্মিলনত দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ভুপেন ৰায়, প্ৰবীন হাজৰিকা, সত্যব্ৰত কলিতা, উপ-সভাপতি কুমাৰ দীপক দাস, ডাঃ তাৰাপ্ৰসাদ দাস, সুনীল ডেকা, বিষ্ণু দাস, আক্ৰাম হুছেইন বৰপেটা জিলা পৰিষদৰ সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস প্ৰমুখ্যে দলৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল, অগপৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদ আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ,অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ,অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.