লক ডাউনৰ মাজতে নিয়াৰিকৈ চলি আছে লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ উৎপাদন

0 234

নভেল ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে অব্যাহত আছে লক ডাউন। দেশৰ অন্যান্য প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বাসিন্দা সকলেও লক ডাউনৰ আদেশ পালন কৰি ঘৰৰ ভিতৰতেই নিজক আবদ্ধ কৰি ৰাখিছে ।
 
তাৰ মাজতো কিন্তু অত্যাৱশ্যকীয় সেৱাৰ জৰিয়তে ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে একাংশ বিভাগৰ বিষয়া কৰ্মচাৰী সকল। চিকিৎসা তথা নিৰাপত্তা জনিত প্ৰশাসনিক সেৱাসমূহৰ লগতে এতিয়া অব্যাহত আছে বিদ্যুৎ সেৱাও । বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী সকলে লক ডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নিৰ্দেশনা পালন কৰি ৰাইজক নিয়াৰিকৈ বিদ্যুৎ যোগান ধৰিছে।
 
অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ আধিনাস্থ Assam Power Generation Company Ltd. (এ পি জি চি এল )ৰ অন্যতম বিদ্যুত উৎপাদনকৰি প্ৰকল্প লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ বিষয়া কৰ্মচাৰী সকলেও সামাজিক দূৰত্ব বজাই ৰাখি অব্যাহত ৰাখিছে বিদ্যুৎ উৎপাদন। চৰাইদেউ জিলাৰ মাইবেলাস্থিত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ বিষয়া কৰ্মচাৰী সকলে লক ডাউনৰ সময়ছোৱাত ৰাজ্যখনত যাতে বিদ্যুৎৰ নাটনি নহয় তাৰ বাবে সকলো সতৰ্কতামূলক ব্যৱস্থা অৱলম্বন কৰি দিনে নিশাই অব্যাহত ৰাখিছে বিদ্যুৎৰ উৎপাদন। লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ এক উচ্চস্তৰীয় সূত্ৰে জানিব দিয়া অনুসৰি লক ডাউনৰ সময়ছোৱাত ইয়াৰ বিদ্যুৎ উৎপাদনকাৰী গোট সমূহ সামান্য ভাবে চলাই থাকিবৰ কাৰণে প্ৰয়োজন হোৱা প্ৰাকৃতিক গেছ যোগানকাৰী সকলৰ পৰা নিয়মীয়াকৈ পাই থকাৰ বাবে বিদ্যুৎ উৎপাদনত ঘাটি হোৱা নাই। বৰ্তমান কেন্দ্ৰটোৰ কাৰ্যক্ষম হৈ থকা গোট সমূহৰ যোগেদি দৈনিক গড়ে প্ৰায় ৯২ মেগাৱাট বিদ্যুৎ উৎপাদন কৰি থকা হৈছে বুলি সূত্ৰটোৱে জনাইছে।
 
যোৱা ৫ এপ্ৰিলৰ নিশা ৯ বজাত ৯ মিনিটৰ বাবে লাইট বন্ধ ৰাখিবৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক যি আহ্বান জনাইছিল সেই সময়ছোৱাতো কেন্দ্ৰটোত কোনোধৰণৰ অসুবিধা নোহোৱাকৈ উৎপাদন আব্যাহত ৰাখি প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰী সকলে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল বুলি জানিব পৰা গৈছে।
 
এই সময়ছোৱাত অসম চৰকাৰৰ আহ্বানৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই কেন্দ্ৰটোৰ বিষয়া কৰ্মচাৰী সকলে ঐক্যবদ্ধ ভাৱে ইয়াৰ নিকটৱৰ্তী অঞ্চল সমূহত বাস কৰা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়াল সমূহক খাদ্য সামগ্ৰীৰ যোগান ধৰি মহানুভৱতাৰ পৰিচয় দি আহিছে। আনহাতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ গ্ৰাহক সকলে যাতে নিয়মীয়াকৈ বিদ্যুৎ যোগান লাভ কৰি থাকে তাৰ প্ৰতি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিষয়া কৰ্মচাৰী সকলে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে।
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..

Leave A Reply

Your email address will not be published.