লখিমপুৰ জিলাৰ লখিমপুৰ উন্নয়ন খণ্ডৰৰ অন্তৰ্গত সদা ব্যস্ত কোঁৱৰ গাঁৱৰ মাধবৰাম পথটোৰ জৰাজীৰ্ণ দূৰৱস্থাই দীৰ্ঘদিন ধৰি অঞ্চলবাসী ৰাইজক অবৰ্ণনীয় যন্ত্ৰণা ভোগাই আহিছিল। এই দুৰৱস্থাৰ সন্দৰ্ভত লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকাক নিৰ্বাচনৰ সময়ত নাগৰিক সকলে অৱগত কৰি জৰুৰী কাৰ্য্যব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছিল। পৰৱৰ্তী সময়ত ডেকা বিধায়ক হিচাবে নিৰ্বাচিত হোৱাৰ পাছত ডেকাই প্ৰদান কৰা নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি শুক্ৰবাৰে পালন কৰে । বিধায়ক ডেকাই তৎপৰতাৰে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ অধীনত এক আঁচনি গ্ৰহণ কৰি শুক্ৰবাৰে আনুষ্ঠানিক ভাৱে পথ নিৰ্মান কাৰ্যৰ শুভাৰম্ভ কৰে। স্থানীয় ৰাইজ ,দলীয় নেতৃত্ব আৰু বিভাগীয় বিষয়াই অংশ গ্ৰহণ কৰা এই নিৰ্মান কাৰ্যৰ শুভাৰম্ভনিয়ে অঞ্চলটোৰ এক দীৰ্ঘদিনীয়া জটিল সমস্যাৰ অৱসান ঘটালে বুলি কয় বিধায়ক ডেকাই । উল্লেখ্য যে এই পথটো এম জি এন ৰেগা আঁচনিৰ মুঠ ১৩ লাখ ১হাজাৰ ৬০২ টকা ব্যয়ৰে নিৰ্মান কৰা হব । বিধায়ক গৰাকীৰ এনে জন দায়বদ্ধশীল ভূমিকাক অঞ্চলবাসী ৰাইজে শলাগ লৈছে। বাতৰি যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই।
Trending
- আশ্ৰয় শিবিৰত থকা প্ৰতিটো বানপীড়িত পৰিয়াললৈ চৰকাৰে আগবঢ়াব ৩,৮০০ টকা
- কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত কৃষি সামগ্রী ব্যৱসায়ীৰ ১৫ দিনীয়া প্রশিক্ষণৰ সামৰণি
- খানামুখ ৰাজহুৱা নামঘৰৰ পুনঃ নিৰ্মাণৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন
- গোপাল জালানৰ ইতিবাচক গ্ৰন্থ উন্মোচন
- লোহাৰঘাটত স্পৰ্শ-অসম আৰু বেলিৰ উদ্যোগত শৈক্ষিক প্ৰশিক্ষণ কাৰ্যসূচী
- নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফটি ইঞ্জিনীয়াৰিঙত বৃত্তমুখী পাঠ্যক্ৰম
- উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দশম স্থান প্ৰাপক প্ৰিয়াংশু দাসক চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন
- দোমৰদলং চাহ বাগিছাত শিশু শ্ৰমিক নিয়োগৰ বিৰুদ্ধে সজাগতা সভা সম্পন্ন
- ৰঙিয়া নগৰত পহিলা জুলাইৰ পৰা একক ব্যৱহাৰযোগ্য প্লাষ্টিক জাতীয় সামগ্ৰী নিষিদ্ধ
- চিকিৎসা বিজ্ঞানৰ মেধাৱী ছাত্ৰী ডাঃ উপাসনা মহন্তক নিজ গৃহত সম্বৰ্ধনা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ