চৰাইদেউ পৰ্ব্বতৰ শিখৰত থকা ঐতিহাসিক লাংকুৰি দেওশালত লভলিনা বৰগোঁহাই অলিম্পিকত সফল হোৱাৰ কামনাৰে চৰাইদেউ প্ৰেছ ক্লাৱৰ উদ্যোগত সোমবাৰে ফু -ৰা তা-ৰাৰ ওচৰত প্ৰাৰ্থনাবন্তি প্ৰজ্বলন কৰা হয় ৷ অসমৰ প্ৰথম মহিলা অলিম্পিক খেলুৱৈ , অসম গৌৰৱ লভলিনা বৰগোঁহাই অলিম্পিকত ছেমি ফাইনেলত প্ৰবেশ কৰি পদক নিশ্চিত কৰাৰ পাছত পুনৰ দুখনকৈ খেলত জয়ী হৈ অসম তথা ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ প্ৰেছ ক্লাছৰ সদস্য সকলে আহোম পৰম্পৰা প্ৰাৰ্থনাৰে বন্তি প্ৰজ্বলন কৰি আৰাধ্য দেৱতালৈ সেৱা জনায় ৷ টাই পুৰোহিত হীৰেন ফুকনৰ সহযোগত সম্পন্ন কৰা এই কাৰ্যসূচীত চৰাইদেউ প্ৰেছ ক্লাৱৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱা,যুটীয়া সম্পাদক মিণ্টু তাঁতী,সুশান্ত কোঁৱৰ, সংবাদকৰ্মী প্ৰণৱ বৰগোহাঁই,দিগন্ত গগৈ ,ইছলাম আহমেদ,বিকাশ গগৈকে ধৰি দেওশাল সংৰক্ষণ সমিতিৰ শ্যাম বৰুৱাই উপস্থিত থাকি সহযোগিতা আগবঢ়ায় ৷
Trending
- ইটাখোলা ব্লু পাইন ইংলিচ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীয়ে পদ যাত্ৰাৰে ঘৰে ঘৰে ত্ৰিৰংগা শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ
- উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ড্ৰোণ পাইলট প্ৰশিক্ষণ বিদ্যালয় টেক চিটি উদ্বোধন
- ৰাজ্য খনৰ পলিটেকনিক সমূহৰ অধ্যক্ষ সকলৰ সৈতে শিক্ষা মন্ত্ৰীৰ বৈঠক
- জামুগুৰিহাটৰ বাপুজী ভৱনত বিজেপিৰ চতিয়া সমষ্টি কমিটিৰ সভা -বিধায়ক পদ্ম হাজৰিকাৰ উপস্থিতিত কংগ্ৰেছীৰ বিজেপিত যোগদান
- পবিত্ৰ শাওণ মাহ হাজাৰ হাজাৰ ভক্তৰ সমাগমৰে মুখৰিত ভীমাশংকৰ দ্বাদশ জ্যোতিলিংগ
- প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া
- চতিয়াত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা সমদল
- কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষিৰ যান্ত্ৰিকীকৰণ বিষয়ক দুদিনীয়া প্ৰশিক্ষণৰ সামৰণি
- এপেক্স গ্ৰুপ অব কোম্পানীৰ ৰূপালী জয়ন্তী সামৰণি
- চিনাকী চতিয়াৰ এগৰাকী যুৱ শিল্পী – ভাওনাৰ পোছাক , মুকুট নিৰ্মাতাৰূপে জনপ্ৰিয় এগৰাকী শিল্পী