বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত আজি ‘এল জি বিআই স্পৰ্টছ’ৰ উদ্যোগত ১০ কিলোমিটাৰ আৰু ৫ কিলোমিটাৰ দুৰত্বৰ এখন মাৰাথন দৌৰৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত বিমানকোঠৰ বিভিন্ন বিভাগত কৰ্মৰত প্ৰায় সংখ্যক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। GIAL, AAI, Airlines, Ground Handlers, BCAS, CISF, NDRF, AIR FORCE, INDIAN ARMY SIGNAL RAGIMENT কে আদি কৰি পুৱা ৬.৩০ বজাত ‘ফ্লেগ অফ’ কাৰ্যসূচীৰে এই প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিমানকোঠৰ মুখ্য বিষয়া উৎপল বৰুৱাই। ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ ক্ষেত্ৰীয় কাৰ্যবাহী নিৰ্দেশক ৰবি কান্ত, buro of civil aviation asecurity ৰ regional director সমানন্দ সিং, চি.আই.এচ.এফৰ কমাণ্ডেন্ট লালমোহন ঠাকুৰকে ধৰি বিমানকোঠৰ জেষ্ঠ বিষয়াসকল উপস্থিত থাকে। দৌৰ প্ৰতিযোগিতাৰ ‘ফ্লেগ অফ’ কৰে ৰবি কান্ত আৰু উৎপল বৰুৱাই। এই উপলক্ষে চমু ভাষণ প্ৰসংগত মুখ্য বিষয়া বৰুৱাই মাৰাথনৰ প্ৰতিযোগি সকলক প্ৰেৰণা মূলক বক্তব্য প্ৰদান কৰে।বিমানকোঠৰ উত্তৰণত সকলোৰে আন্তৰিক সহযোগীতা একান্তই প্ৰয়োজন আৰু সকলোৰে সেৱা, প্ৰতক্ষ্য বা পৰোক্ষভাৱে বিমানকোঠৰ সফলতালৈ অৰিহনা যোগায়। উপস্থিত প্ৰতিযোগি আৰু সমবেত ৰাইজক উদ্দেশ্যি তেখেতে বিমানকোঠৰ বিকাশ যাত্ৰাত সকলোৰে আন্তৰিক সহযোগিতা কামনা কৰে। প্ৰতিযোগিসকলক একোটাকৈ ‘টি ছাৰ্ট, জলপান আৰু পৰ্যাপ্ত পৰিমানৰ পানীৰ যোগান ধৰা হয়। এই প্ৰতিযোগিতাত ৫০০ তকৈ অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ সমূহ ক্ৰমে নগদ ১৫০০০, ১০০০০ আৰু ৫০০০ টকাৰ লগতে ফলক আৰু প্ৰমানপত্ৰ প্ৰদান কৰা হয়। সদৌশেষত বঁটা বিতৰণী অনুষ্ঠানত স্পৰ্টছ কমিটিৰ সদস্যসমূহ ক্ৰমে বনজিত ওজা, ৰঞ্জন সোনোৱাল, মনজয় ৰাভা, সঞ্জীৱ কাকতি, সুশিলাল চৌধুৰী প্ৰমূখ্যে স্পৰ্টছ সমিতিৰ সকলোৰে শলাগ লৈ অনুষ্ঠানৰ সফল সমাপ্তি হয়।
Trending
- অসম সহ উত্তৰ পূবৰ তিনিখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰৰ বাবে সাজু এন ডি আৰ এফৰ ১৮ টা দলৰ ৫৫০ জন প্ৰশিক্ষিত উদ্ধাৰকাৰী
- কামৰূপ(ম)ত বেলট বাকচ আৰু পলিং বিষয়াৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- এয়াৰটেলে আন্তঃৰাষ্ট্ৰীয় ৰোমিং অভিজ্ঞতা সংস্কাৰৰ নতুন পৰিকল্পনা ঘোষণা
- NSE Stands in Solidarity with the Victims of the Pahalgam Terror Attack- Pledges Support
- ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাথাৰখামাৰ বাৰেগাঁৱত ৰাভা জনগোষ্ঠীৰ লোকৰ পৰম্পৰাগতভাবে সুঁৱৰি উৎসৱ পালন
- OIL Pragyan Super 30 Shines Again: Students Successfully Qualify JEE Mains 2025
- উত্তৰ-পূব সীমান্ত ৰেলৱেৰ নিৰাপত্তাৰ বুজ ললে আৰ পি এফৰ সঞ্চালক প্ৰধান মনোজ যাদৱে
- পশ্চিম বংগৰ মধুপুৰত অসম সাহিত্য সভাৰ সেতুবন্ধ অনুষ্ঠান সম্পন্ন -শ্ৰীশ্ৰী মধুপুৰ ধাম সত্ৰ শাখা সাহিত্য সভা গঠন
- গুৱাহাটী মহানগৰীত বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱস পালন
- ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকৰণী সদস্য উল্লাশ কুলকাৰ্নীলৈ বৃহত্তৰ আদিংগিৰি ৰঙালী বিহু সম্মিলনীৰ মানৱ দৰদী বঁটা