শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ কেইবাখনো বিদ্যালয়ত আজি অহা ১ জুনৰপৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে সজাগতামূলক ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় । দিনৰ ১০:৩০ বজাৰপৰা বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয় আৰু বুঢ়াগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনৰপৰা লোক্ৰা চেন্টাৰৰ লগতে সমীপৱৰ্তী গাঁও পৰিভ্ৰমণ কৰোৱায় এক বিশাল সজাগতামূলক ৰেলী উলিয়ায় । ৰেলীত বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশ কৰে। ৰেলীৰ পি্ছতে অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা। বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অঞ্জন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঁত ধৰে বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক পদ্মেশ্বৰ শইকীয়াই আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী শইকীয়া বৰাই।অনুষ্ঠানটোত উপস্থিত থাকি লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰাই আগন্তুক গুণোৎসৱৰ মূল্যায়ন প্ৰক্ৰিয়া ,শিক্ষক-শিক্ষাৰ্থী আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা, তথ্য পাতিৰ উন্নীতকৰণ ইত্যাদি বিষয়ত অৱগত কৰে । সভাখনত বুঢ়াগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈসহ সকলো শিক্ষক, ৰাইজ উপস্থিত থাকে । একেদৰে আজি নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু নয়ালবৰঘাৰী প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ সজাগতা ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত কৰে । ৰেলীৰ যোগেদি ৰাইজক সজাগ কৰিবলৈ সৎ প্ৰয়াস কৰা হয় । ৰেলীৰ পিছতে বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাত গুণোৎসৱৰ বিভিন্ন দিশ, সহযোগিতা ইত্যাদিৰ বিষয়ে আলোচনা কৰা হয় । সভাখনত নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বৰূপ শৰ্মাসহ সমূহ শিক্ষাগুৰু, নয়ালবৰঘাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ বৰাসহ সমূহ শিক্ষাগুৰু, লোক্ৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰাইজ, অভিভাৱক উপস্থিত থাকে । সমান্তৰালভাৱে সোণাই নেপালী প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত কৰা হয় গুণোৎসৱ সজাগতা ৰেলী আৰু সজাগতা সভা।
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী