পলাশবাৰীৰ ৰাজাপুখুৰীৰ নাথপাৰা সংলগ্ন ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত “ৰ’দ-কাঁচিয়লী চুইটছ” নামেৰে এখন উন্নত মানৰ মিঠাইৰ দোকান কালি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। ৰ’দ-কাঁচিয়লী চুইটছৰ স্বত্বাধিকাৰী গগণ চন্দ্ৰ নাথৰ এই নতুন মিঠাইৰ দোকানখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামীয়ে। দ্বাৰ উদ্বোধনৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰবিষয়া ধ্ৰুৱজ্যোতি পাঠকে। অনুষ্ঠানত গোৱাৰপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, (সীমান্ত)ৰ পাহাৰী কোঁৱৰ, নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি, ৰাজাপুখুৰী ৰাইজ গয়ৰহৰ সভাপতি ড০ ধীৰেন্দ্ৰ মোহন কুমাৰ, উত্তম চন্দ্ৰ নাথ, সাংবাদিক বিমল শৰ্মা, ধৰ্মেন্দ্ৰ দাস, হীতেন মালী, জিতুমণি দাস, ৰাজাপুখুৰী- বাঢ়ন্তি-ৰঙামাটি গাঁও পঞ্চায়তৰ সভানেত্ৰী জুনু ঠাকুৰীয়া, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক অঞ্জন গোস্বামী, অসম জাতীয় পৰিষদৰ নেতা পংকজ লোচন গোস্বামী প্ৰমুখ্যে সমাজৰ বিভিন্ন স্থানৰ নেতৃস্থানীয় লোকে অংশগ্ৰহণ কৰি উদ্যোগী যুৱক গগণ চন্দ্ৰ নাথক এনে প্ৰচেষ্টাক শলাগ লয়।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ