শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অধীনৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ কেইবাখনো বিদ্যালয়ত আজি অহা ১ জুনৰপৰা অনুষ্ঠিত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰস্তুতিৰ অংশ হিচাপে সজাগতামূলক ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত কৰা হয় । দিনৰ ১০:৩০ বজাৰপৰা বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয় আৰু বুঢ়াগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনৰপৰা লোক্ৰা চেন্টাৰৰ লগতে সমীপৱৰ্তী গাঁও পৰিভ্ৰমণ কৰোৱায় এক বিশাল সজাগতামূলক ৰেলী উলিয়ায় । ৰেলীত বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশ কৰে। ৰেলীৰ পি্ছতে অনুষ্ঠিত কৰা হয় সজাগতামূলক সভা। বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অঞ্জন নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আঁত ধৰে বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক পদ্মেশ্বৰ শইকীয়াই আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী শইকীয়া বৰাই।অনুষ্ঠানটোত উপস্থিত থাকি লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰাই আগন্তুক গুণোৎসৱৰ মূল্যায়ন প্ৰক্ৰিয়া ,শিক্ষক-শিক্ষাৰ্থী আৰু ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তা, তথ্য পাতিৰ উন্নীতকৰণ ইত্যাদি বিষয়ত অৱগত কৰে । সভাখনত বুঢ়াগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈসহ সকলো শিক্ষক, ৰাইজ উপস্থিত থাকে । একেদৰে আজি নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয় আৰু নয়ালবৰঘাৰী প্ৰাথমিক বিদ্যালয়তো গুণোৎসৱ সজাগতা ৰেলী আৰু সজাগতা সভা অনুষ্ঠিত কৰে । ৰেলীৰ যোগেদি ৰাইজক সজাগ কৰিবলৈ সৎ প্ৰয়াস কৰা হয় । ৰেলীৰ পিছতে বিদ্যালয়ত অনুষ্ঠিত সজাগতা সভাত গুণোৎসৱৰ বিভিন্ন দিশ, সহযোগিতা ইত্যাদিৰ বিষয়ে আলোচনা কৰা হয় । সভাখনত নয়ালবৰঘাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক স্বৰূপ শৰ্মাসহ সমূহ শিক্ষাগুৰু, নয়ালবৰঘাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পংকজ বৰাসহ সমূহ শিক্ষাগুৰু, লোক্ৰা মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক, ৰাইজ, অভিভাৱক উপস্থিত থাকে । সমান্তৰালভাৱে সোণাই নেপালী প্ৰাথমিক বিদ্যালয়তো অনুষ্ঠিত কৰা হয় গুণোৎসৱ সজাগতা ৰেলী আৰু সজাগতা সভা।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান