গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন

0 236

গুণোৎসৱৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কামৰূপ জিলাৰ কৰৰা শিক্ষাখণ্ডৰ অন্তৰ্গত দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশৰ বুজ লোৱাৰ উপৰি বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত-বিনিময় কৰে। এগৰাকী বহিঃমূল্যায়কৰ ভূমিকা পালন কৰি মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ সামগ্ৰিক শিক্ষাগত উৎকৰ্ষতাৰ বুজ লয়।
উল্লেখ্য যে গুণোৎসৱৰ প্ৰথম পৰ্যায় ১০ খন জিলাত সূচাৰুৰূপে অনুষ্ঠিত হোৱাৰ পিচত দ্বিতীয় পৰ্যায় কালিৰে পৰা অহা ২৬ মে’লৈ অনুষ্ঠিত কৰা হৈছে। দ্বিতীয় পৰ্যায় কামৰূপ জিলাৰ উপৰি কোকৰাঝাৰ, গোলাঘাট, তিনিচুকীয়া, বৰপেটা, মাজুলী, মৰিগাওঁ, শিৱসাগৰ তথা ওদালগুৰি জিলাত অনুষ্ঠিত হৈ আছে। অহা ১ জুনৰ পৰা ৪ জুনলৈ তৃতীয় পৰ্যায়ত ১২ খন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হব। প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ চৰকাৰী, প্ৰদেশীকৃত তথা চাহবাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয় সমূহত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়ণৰত ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক প্ৰগতি নিশ্চিত কৰাৰ উদ্দেশ্যেৰে অনুষ্ঠিত কৰা এই গুণোৎসৱত কামৰূপ জিলাৰ সৰ্বমুঠ ২২০৫ খন বিদ্যালয়ৰ ১,৯২,৯৬৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উৎকৰ্ষতাৰ মূল্যায়ন কৰা হ’ব। ইয়াৰ বাবে জিলাখনত ১১২২ গৰাকী বহিঃ মূল্যায়ক নিয়োজিত কৰা হৈছে।
পৰিদৰ্শনৰ সময়ত শিক্ষানুষ্ঠানখনত উপস্থিত থকা সংবাদসেৱী সকলৰ সৈতে হোৱা মত-বিনিময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ যোৱাকালিৰ পৰা আৰম্ভ হৈছে। দ্বিতীয় পৰ্যায়ত ১২ খন জিলাত এই কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও সম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপেক্ষিতত ৩খন জিলাত অনুষ্ঠিত হোৱা নাই। আজি তেওঁ কামৰূপ জিলাৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয়ৰ গুণোৎসৱ স্বচক্ষে পৰিদৰ্শন কৰি বুজ লৈছে বুলি তেওঁ ব্যক্ত কৰে। এই গুণোৎসৱ বৰ্তমানৰ ৰাজ্য চৰকাৰে এক নিয়মীয়া কাৰ্যসূচীলৈ ৰূপান্তৰ কৰাৰ উপৰি এপ্ৰিল অথবা মে’ মাহৰ সলনি নৱেম্বৰ/ডিচেম্বৰ মাহত অনুষ্ঠিত কৰাৰ পদক্ষেপ লব বুলিও তেওঁ কয়। চৰকাৰী বিদ্যালয় সমূহৰ শৈক্ষিক মান উন্নীতকৰণৰ বাবে এই কাৰ্যসূচী লোৱা হৈছে বুলিও তেওঁ কয়।
শিক্ষামন্ত্ৰী গৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰাৰ সময়ত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত কমল বৰুৱা, বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়া, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীকে ধৰি অন্যান্য বিষয়ববীয়া সকল উপস্থিত থাকে।
আনহাতে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ অংশ হিচাপে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব কবিতা পদ্মনাভন, আয়ুক্ত সচিব আকাশ দ্বীপ, সচিব ডাঃ লক্ষ্মনন এচ আৰু কমল বৈশ্যই কামৰূপ জিলাৰ নিৰ্দিষ্ট কৰা বিদ্যালয়সমূহ পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক উৎকৰ্ষতাৰ বুজ লয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.