শোণিতপুৰৰ বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ত আজি ” কুঁহিপাত ” শীৰ্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বালিপৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনিশ ঠাকুৰে । অনুষ্ঠান অনুষ্ঠিত বিদ্যালয়খনৰ জ্যেষ্ঠ সহকাৰী শিক্ষক পদ্মেশ্বৰ শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত সমাজকৰ্মী, মৌজাদাৰ উৎপল দাস, লোক্ৰা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক প্ৰাঞ্জল বৰা, বুঢ়াগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বিউটী শইকীয়া বৰা, বুঢাগাঁও চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কল্যাণ গগৈ, সমাজকৰ্মী হিতেশ ডেকা, চিলনী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সন্তোষ ছেত্ৰী, মানশিৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হেমন্ত নাথ, বালিপৰা শিক্ষাখণ্ডৰ খণ্ড সমল ব্যক্তি তপন চন্দ্ৰ দাসৰ লগতে বিদ্যালয়খনৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালনা সমিতিৰ বিষয়ববীয়া, অভিভাৱক, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তীত বৰহেৰামদো সত্ৰত অসমীয়া প্ৰাচীন পাণ্ডুলিপিৰ অধ্যয়ন আৰু সংৰক্ষণ বিষয়ক কৰ্মশালা সম্পন্ন
- গুণোৎসৱত অংশগ্ৰহণ কৰিলে ৰাজ্যচৰকাৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননী গোপাল মহন্তই- অসম-মেঘালয় সীমান্তৰ এল পি স্কুলৰ গুণোৎসৱৰ কাৰ্যসূচীত জিলা উপায়ুক্তৰ অংশগ্ৰহণ
- অসম ডনব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ সজাগতা সভা
- সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনৰ জনসাধাৰণলৈ গোঁহাৰি
- লোক্ৰাৰ সোণাই নেপালী প্ৰাথমিক বিদ্যালয়ত প্ৰাচীৰ পত্ৰিকা দাপোণ উন্মোচন
- ডেৰ কোটিৰো অধিক টকাৰ যানবাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী
- মেয়ৰ – ডেপুটী মেয়ৰসহ মিত্ৰজোঁটৰ পশ্চিম গুৱাহাটীৰ ১৫ জন পৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা
- গুণোৎসৱ উপলক্ষে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী মধ্য ইংৰাজী বিদ্যালয় পৰিদৰ্শন
- পলাশবাৰীৰ ৰাজাপুখুৰীত ৰ’দ-কাঁচিয়লী চুইটছ উদ্বোধন
- লোক্ৰাত গুণোৎসৱ-২০২২ সজাগতা ৰেলী আৰু সভা সম্পন্ন